আন্তঃৰাষ্ট্ৰীয়

ভয়ংকৰ দৃশ্য! ২ নিয়ন্ত্ৰণহীন হাতী দৌৰিলে সহস্ৰাধিক লোকৰ মাজত, আহত ১৭জন… চাওঁক VIDEO

asomiyapratidin

ডিজিটেল ডেস্কঃ শ্ৰীলংকাত সংঘটিত হ'ল এক ভয়ংকৰ ঘটনা। এক উৎসৱত সহস্ৰাধিক মানুহৰ মাজেৰে দৌৰিলে দুটাকৈ হাতী।দৰাচলতে শ্ৰীলংকাৰ কলম্বোত বৌদ্ধ ধৰ্মৰ লোকসকলৰ এক উৎসৱ পালনৰ সময়ত দুটা হাতী নিয়ন্ত্ৰণহীন হৈ পৰে। হাতী দুটাই মানুহৰ মাজেৰে তীব্ৰ বেগত আগবাঢ়ি যোৱাত আহত হৈছে প্ৰায় ১৭জনকৈ লোক।

এটা হাতীৰ মাউত আৰু ১৩গৰাকী মহিলাএই ঘটনাত আহত হৈছে। শনিবাৰে কলম্বোত সংঘটিত হোৱা এই ঘটনাত কোনো লোক গুৰুতৰভাৱে আহতহোৱা বুলি জানিব পৰা গৈছে। হাতীৰ বিশেষজ্ঞ জয়ন্ত জেৱাৰ্দিণীয়ে এই সন্দৰ্ভত কয় যে, হাতীটোকপ্রশিক্ষণ দিয়া সময়চোৱাত ভালদৰে প্ৰশিক্ষণ সম্পূৰ্ণ নকৰাৰ বাবেই এনে ঘটনা সংঘটিত হৈছেবুলি সন্দেহ কৰা হৈছে।

তদুপৰি ৭০ বছৰীয়া এই হাতী দুটাই প্ৰায় বহু কিলোমিটাৰ পথখোজকাঢ়িবলৈ বাধ্য কৰোৱা হৈছিল যাৰ বাবে সেই সময়ত এনেদৰে দৌৰি গুচি গৈছিল বুলি আনএকাংশ লোকে সন্দেহ ব্যক্ত কৰিছে। উল্লেখ্য যে, তিনি বছৰ পূৰ্বেও এনেদৰে দুটা হাতী কলম্বোৰএটা মন্দিৰত উৎসৱ পালনৰ সময়ত এনেদৰে দৌৰি গুচি যোৱা ঘটনা সংঘটিত হৈছিল। আৰু এজননিহত হোৱাৰ লগতে ১২জনকৈ লোক আহত হৈছিল।