আন্তঃৰাষ্ট্ৰীয়

৬.৭ ৰিখটাৰ স্কেলৰ ভূমিকম্পই জোকাৰিলে ৰাছিয়া

asomiyapratidin

ডিজিটেল ডেস্কঃ ইণ্ডোনেছিয়াৰ পিছত এইবাৰ ভুমিকম্পই কঁপাই থৈ গ'ল ৰাছিয়া। শনিবাৰে ৰাছিয়াৰ উত্তৰ-পশ্চিম অঞ্চলক কুৰিল দ্বীপত তীব্ৰ কম্পন অনুভূ হয়। মাৰ্কিন জিঅ'লজিকেল সংস্থাই ভূমিকম্পটোক তীব্ৰতা ৬.৭ ৰিখটাৰ স্কেল বুলি জানিবলৈ দিয়ে।

আনহাতে, ভূমিকম্পটোৰ ফলত দ্বীপটোত ঘৰ আৰু বাহন আদিৰ ক্ষতিসাধন হলেও কোনো লোক হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে। মাৰ্কিন জিঅ'লজিকেল চাৰ্ভেয়ে জনোৱা মতে এই কম্পনৰ গভীৰতা ৪৭০ কিলোমিটাৰত ঘণীভূত হয়।

উল্লেখ্য যে, কিছুদিন পূৰ্বেও ৰাছিয়াৰ কুৰিল দ্বীপত ভূমিকম্পৰ জোকৰণি অনুভূত হৈছিল। যোৱা তিনি দিনৰ পৰা সামান্য পৰিমা্‌ণে দ্বীপটোত জোকৰণি ঘণীভূত হৈ থাকিলেও শনিবাৰে ইয়াৰ তীব্ৰতা বৃদ্ধি পায়।