আন্তঃৰাষ্ট্ৰীয়

ভাৰতীয় সেনাৰে সংঘৰ্ষত চীনা সেনাৰ কামাণ্ডিং অফিচাৰৰ মৃত্যু, চীনে কৰিলে স্বীকাৰ…

asomiyapratidin

ডিজিটেল ডেস্কঃ লাডাখত প্ৰায় এসপ্তাহ পূৰ্বে ভাৰতীয় সেনা বাহিনীৰে হোৱা সংঘৰ্ষত চীন সেনাৰ এজন কামাণ্ডিং অফিচাৰৰ মৃত্যু হোৱা ঘটনা কথা স্বীকাৰ কৰিছে চীনা সেনাই। দুয়োখন দেশৰ সেনা স্তৰৰ এক আলোচনাত এই কথা আলোচনা কৰা হৈছে। উল্লেখ্য যে, দুয়োখন দেশৰ সেনাৰ মাজত যোৱা সোমবাৰে লাডাখত সংঘৰ্ষ সৃষ্টি হয়।

এই সংঘৰ্ষত ভাৰতীয় সেনা বাহিনীৰ এজন কৰ্ণেলসহ ২০জন সেনা জোৱান শ্বহীদ হৈছিল। আৰু চীনা সেনাৰ প্ৰায় ৪৫জন জোৱানৰ মৃত্যু তথা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল এই সংঘৰ্ষত। অৱশ্যে চীনা সেনাই এই সংঘৰ্ষত তেওঁলোকৰ কোনো সেনা বিষয়া বা জোৱানৰ মৃত্যু তথা আহত হোৱা বুলি তথ্য প্ৰকাশ কৰা নাছিল।