আন্তঃৰাষ্ট্ৰীয়

পুনৰ নিৰ্বাচনত জয়লাভ কৰাৰ দাবী ড’নাল্ড ট্ৰাম্পৰ…

asomiyapratidin

ডিজিটেল ডেস্ক : আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে পুনৰবাৰ তেওঁ ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়লাভ কৰাৰ দাবী উত্থাপন কৰে । ট্ৰাম্পে লগতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিৰ্বাচনত ৰেগিং কৰাৰো অভিযোগ উত্থাপন কৰে । ট্ৰাম্পে তেওঁ জয়লাভ কৰাৰ দাবী টুইট যোগে উত্থাপন কৰে ।


টুইটত ৰাষ্ট্ৰপতি গৰাকীয়ে কয় – মই নিৰ্বাচনত জিকিছিলো । সমগ্ৰ দেশতে নিৰ্বাচনত জালিয়াতি হৈছিল। ট্ৰাম্পে আমেৰিকাৰ মানচিত্ৰৰ সৈতে নিউয়ৰ্ক টাইমচৰ টুইট এটা সংল্গন্ন কৰি ৰাষ্ট্ৰপতি গৰাকীয়ে শ্বাগ্নিফিক অধ্যৱশিত অঞ্চলকে ধৰি পূৰ্বৰ নিৰ্বাচনতকৈ ১.০১ মিলিয়ন অধিক ভোট লাভ কৰিছিল বুলি মন্তব্য কৰে ।