আন্তঃৰাষ্ট্ৰীয়

দক্ষিণ ইৰাকত অধিক তীব্ৰতৰ হৈ পৰিছে চৰকাৰবিৰোধী আন্দোলন! নিহতৰ সংখ্যা ২৫ জনলৈ বৃদ্ধি

asomiyapratidin

ডিজিটেল ডেস্কঃ চৰকাৰ বিৰোধী আন্দোলনে অধিক হিংসাত্মক ৰূপ ধাৰণ কৰিছে দক্ষিণ ইৰাকত। ইৰাকৰ ৰাজধানী বাগদাদত বৃহস্পতিবাৰে নিৰাপত্তাৰক্ষীয়ে আন্দোলনকাৰীক প্ৰতিহত কৰিবলৈ ব্যৱহাৰ কৰা কন্দুৱা গেছ আৰু গুলী চালনাত ২৫ জনকৈ লোক নিহত হোৱাৰ লগতে শতাধিক আহত হয়। ইৰাকৰ এই চৰকাৰ বিৰোধী আন্দোলন এতিয়া ৰাষ্ট্ৰখনৰ অন্য প্ৰান্তলৈও বিয়পি পৰিছে।

আল জাজিৰাই প্ৰকাশ কৰা ইৰাকী মিলিটেৰীৰ এক বিবৃত্তিত কোৱা হৈছে যে দক্ষিণ ইৰাকত আইন আৰু নিৰাপত্তা বাহাল ৰাখিবলৈ নিৰাপত্তাৰক্ষী মোতায়েন কৰাৰ পিছতে অধিক তীব্ৰতৰ হৈ পৰে চৰকাৰ বিৰোধী আন্দোলন। ইফালে খবৰ অনুসৰি, ৰাষ্ট্ৰখনত সৃষ্টি হোৱা এনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কৰ্তব্যত গাফিলতি কৰাৰ অভিযোগত লেফটেনেন্ট জেনেৰেল জামিল আল চাম্মাৰীক নিলম্বনৰ নিৰ্দেশ দিছে ইৰাকৰ প্ৰধানমন্ত্ৰী আদেল আব্দুল মাহদীয়ে।

ইৰাকৰ নিৰাপত্তা বিভাগৰ এক সূত্ৰৰ খবৰ অনুসৰি, বৃহস্পতিবাৰে চৰকাৰ বিৰোধী আন্দোলন প্ৰতিহত কৰিবলৈ নিৰাপত্তাৰক্ষীয়ে ব্যৱহাৰ কৰা কন্দুৱা গেছ আৰু গুলীচালনাত কমেও ২৩৩ জন লোক আহত হয়। আনহাতে এই প্ৰতিবাদৰ মাজতে নজফত থকা ইৰাণী বানিজ্য দূতাবাসত অগ্নিসংযোগ কৰে ক্ষুব্ধ আন্দোলনকাৰীয়ে। উল্লেখ্য যে, বুধবাৰে নজফৰ ইৰাণী বানিজ্য দূতাবাসৰ সন্মুখত নিৰাপত্তীৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজৰ সংঘাতত ৪৭জন আৰক্ষী কৰ্মী আহত হয়।