আন্তঃৰাষ্ট্ৰীয়

চীনত কোৰোনা ভাইৰাছৰ সন্ত্ৰাসঃ মৃত্যুৰ সংখ্যা ৫৬৩ লৈ বৃদ্ধি…

asomiyapratidin

ডিজিটেল ডেস্কঃ চীনত অব্যাহত আছে কোৰোনা ভাইৰাছৰ সন্ত্ৰাস। যোৱা বুধবাৰ দিনটোতে মহামাৰী কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে ৭৩ গৰাকীকৈ চীনা নাগৰিকে। বৰ্তমানলৈকে চীনত ৫৬৩ গৰাকী লোকৰ প্ৰাণ লৈছে কোৰোনা ভাইৰাছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰনুসৰি, চীনত এই ভাইৰাছত সংক্ৰমিত হোৱা মুঠ মানুহৰ সংখ্যা হৈছে ২৮,০১৮ গৰাকী।

চীনৰ ৰাষ্ট্ৰীয় স্বাস্থ্য আয়োগে সদৰি কৰা মতে, বুধবাৰে মৃত্যু হোৱা ৭৩ গৰাকী লোকৰ ভিতৰত ৭০ গৰাকীয়েই চীনৰ বুহান প্ৰান্তৰ। আয়োগে জনোৱা মতে, বুধবাৰে এই ভাইৰাছত সংক্ৰমিত হৈছে ৫,৩২৮ গৰাকী লোক। ইয়াৰ ভিতৰত ২,৯৮৭ গৰাকী চীনৰ হুবাই প্ৰান্তৰ। কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ চীনত ৩,৮৫০ গৰাকী ৰোগীৰ অৱস্থা বৰ্তমান সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি হৈ আছে। উল্লেখ্য যে, চীনৰ বাহিৰত এই ভাইৰাছত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা হৈছে ১৮২ গৰাকী।