আন্তঃৰাষ্ট্ৰীয়

সংস্কৃতিৰ নাথাকে ভৌগোলিক পৰিসীমা : 'নাটু নাটু'ৰ তালে তালে নৃত্য যুদ্ধ বিধ্বস্ত ইউক্ৰেইন সেনাৰ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ সংস্কৃতিৰ নাথাকে কোনো ভৌগোলিক পৰিসীমা। সময়ৰ সোঁতত বিশ্বমুখী হয় যিকোনো দেশৰ কলা-সংস্কৃতি। প্ৰায় বছৰজোৰা যুদ্ধৰ অন্তত শান্তি ঘূৰি অহাৰ উপক্ৰম যুদ্ধ বিধ্বস্ত দেশ ইউক্ৰেইনলৈ।

বিগত সময়ছোৱাত হিংসা-সন্ত্ৰাস,গুলী-বাৰুদৰ ধোঁৱাৰে ধূষৰিত হৈছিল দেশখনৰ আকাশ-বতাহ। আলৈ-আথাঁনি দেশৰ জনতাৰ। এনেবোৰ পৰিবেশৰ কিছু শাম কটাৰ পাছত দেশখনৰ সৈনিকে নাচিলে এটি জনপ্ৰিয় গীতৰ তালত।

অস্কাৰ বিজয়ী দাক্ষিণাত্যৰ ছবি 'RRR'ৰ 'নাটু-নাটু' শীৰ্ষক গীতটিত এপাক নাচিলে ইউক্ৰেইন সেনাই। ভাৰতত নিৰ্মাণ হোৱা শীৰ্ষক ছবিখনে সমগ্ৰ বিশ্বজুৰি খলকনিৰ সৃষ্টি কৰিছিল।

বৰ্তমানেও বিশ্বৰ একাধিক দেশৰ ছবিগৃহত ছবিখন প্ৰদৰ্শিত হৈ আছে। সমান্তৰালকৈ জনপ্ৰিয়তা ম্লান হোৱা নাই অস্কাৰ বঁটা বিজয়ী 'নাটু-নাটু' শীৰ্ষক গীতটিৰ। দিন বাগিৰছে মানে ক্ৰমান্বয়ে আৰু অধিক জনপ্ৰিয় হৈ পৰিছে গীতটি।

উল্লেখ্য যে, ইউক্ৰেইনৰ কেইগৰাকীমান সেনা-জোৱানে শীৰ্ষক গীতটিৰ তালত তাল মিলাই নৃত্য কৰাৰ এটি ভিডিঅ' সামাজিক মাধ্যমত প্ৰচাৰ কৰে। আনহাতে, প্ৰচাৰিত শীৰ্ষক ভিডিঅ'টিয়ে সামাজিক মাধ্যমত শ্ৰোতা-দৰ্শকৰ বেচ সঁহাৰি লাভ কৰে। একাংশৰ শুভকামনা ইউক্ৰেইনৰ হেৰাই যোৱা শান্তি ঘূৰি আহক।