আন্তঃৰাষ্ট্ৰীয়

ম'বাইলত ব্যস্ত সমাজক দেখি ক্ষোভিত ম'বাইলৰ জনক

Asomiya Pratidin

ডিজিটেল ডেস্ক : বৰ্তমান সময়ত যেন ম'বাইল ফোন অবিহনে অসাৰ হৈ পৰিছে মানৱ জীৱন । প্ৰথমে প্ৰয়োজন পূৰণ কৰিবলৈ সৃষ্টি হোৱা ম'বাইল ফোন এতিয়া আসক্তি হৈ পৰিছে গৰিষ্ঠ সংখ্যকৰ বাবে । যাক লৈ চিন্তিত আৰু ক্ষোভিত হৈ পৰিছে মোবাইলৰ জনক আমেৰিকাৰ মাৰ্টিন কুপাৰ । ১৯৭৩ চনৰ ৩ এপ্ৰিলত প্ৰথমটো ম'বাইল ফোন নিৰ্মাণৰ জৰিয়তে বিশ্বত খলকনিৰ সৃষ্টি কৰা মাৰ্টিন কুপাৰৰ বয়স এতিয়া ৯৪ বছৰ । পিচে এতিয়া নিজৰ নিৰ্মাণক লৈয়ে ক্ষোভিত স্ৰষ্টা গৰাকী ।

উল্লেখ্য যে, কুপাৰৰ সৃষ্টিৰ উদ্দেশ্য আছিল মানুহৰ মাজত যোগাযোগ ক্ষিপ্ৰতৰ কৰি তোলা । কিন্তু সেই ম'বাইল ফোন যে এদিন মানুহৰ আসক্তি হৈ পৰিব সেই কথা কাহানিও কল্পনা কৰিব পৰা নাছিল কুপাৰে । মাৰ্টিন কুপাৰৰ ভাষ্য অনুসৰি, "যেতিয়া এজন ব্যক্তিয়ে ম'বাইলত দৃষ্টি নিৱদ্ধ কৰি ৰাস্তা পাৰ হ'বলৈ চেষ্টা কৰে, তেতিয়াই অন্তৰে হাহাকাৰ কৰি উঠে ।"