আন্তঃৰাষ্ট্ৰীয়

বয়োজ্যেষ্ঠ লোকৰ বাবে ৰাছিয়াৰ কোৰোনা ভেকচিনৰ হোৱা নাই পৰীক্ষা…

asomiyapratidin

ডিজিটেল ডেস্কঃ ৰাছিয়াই আৱিষ্কাৰ কৰি উলিয়াইছে বিশ্বৰ প্ৰথমটো কোৰোনা ভেকচিন। স্পুটনিক-ভি নামৰ এই ভেকচিনক লৈ অৱশ্যে বহু প্ৰশ্নও উত্থাপন হৈছে একাংশ বিশেষজ্ঞৰ মাজত। একাংশই অভিযোগ কৰা মতে, তৃতীয় পৰ্যায়ৰ ট্ৰায়েল নকৰাকৈয়ে এই ভেকচিন বজাৰত উলিয়াই দিয়া হৈছে।

ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি, ৰাছিয়াই আৱিষ্কাৰ কৰা এই কোভিড-১৯ৰ ভেকচিন ১৮ বছৰৰ পৰা ৬০ বছৰ বয়সৰ লোককহে প্ৰয়োগ কৰাৰ পৰামৰ্শ দিয়া হৈছে। ৰাছিয়াৰ স্বাস্থ্য মন্ত্ৰালয়ৰ বৈজ্ঞানিক কেন্দ্ৰৰ মুৰব্বী ভ্লাদিমিৰ বন্দাৰেভে জানিবলৈ দিছে এই কথা।

তেওঁ লগতে বয়োজ্যেষ্ঠ লোকৰ দেহত এই ভেকচিনৰ কাৰ্যক্ষমতা বৰ্তমানেও পৰীক্ষা কৰা হোৱা নাই বুলি কয়। ইফালে, দেশখনৰ ৰাষ্ট্ৰপতি পুটিনে এই ভেকচিন সম্পূৰ্ণ সুৰক্ষিত বুলি দাবী কৰিছে। আৰু এই ভেকচিন প্ৰথম প্ৰয়োগ কৰা হৈছে ৰাষ্ট্ৰপতিগৰাকীৰ কন্যাৰ শৰীৰত। আৰু তেওঁ বৰ্তমান সুস্থ বুলি জানিব পৰা গৈছে।