আন্তঃৰাষ্ট্ৰীয়

কোভিড মহামাৰীয়ে শিক্ষাৰ ক্ষেত্ৰত সংকটৰ সৃষ্টি কৰিছেঃ ইউনেস্কো…

asomiyapratidin

ডিজিটেল ডেস্কঃ ইউনাইটেড নেশ্যনছ এডুকেশ্যনেল, ছায়েন্টিছ এণ্ড কালছাৰেল অৰ্গেনাইজেশ্যন চমুকৈ ইউনেস্কো'ই দেওবাৰে কোভিড মহামাৰীৰ ফলত শিক্ষাৰ ক্ষেত্ৰত সংকটৰ সৃষ্টি কৰিছে বুলি সদৰী কৰে। ইউনেস্কোই এক সমীক্ষাত কয় যে, কোভিড মহামাৰীৰ ফলত সৃষ্টি হোৱা পৰিৱেশ-পৰিস্থিতিত যৌন নিৰ্যাতনৰ লগতে কম বয়সতে সন্তান সম্ভৱা হোৱা, বিদ্যালয়-মহাবিদ্যালয়ৰ পৰা বৃহৎ সংখ্যাত ছাত্ৰীসকল ওলাই যোৱাৰ সম্ভাৱনা, পাঠগ্ৰহণত বহু সমস্যাৰ সন্মুখীন হৈছে ছাত্ৰ-ছাত্ৰীসকল।

লগতে এই সমীক্ষাযোগে কয় যে, কোভিড-১৯ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ বিশ্বতেই লকডাউন জাৰি কৰিব লগা হয়। লগতে অৰ্থনীতিৰ ওপৰতো ইয়াৰ প্ৰভাৱ বাৰুকৈ পৰে। তদুপৰি শিক্ষানুষ্ঠানসমূহো বন্ধ কৰিব লগা হয়। যাৰ ফলত ১৯৪জন দেশৰ ৯১ শতাংশ শিক্ষাৰ্থীসকল প্ৰভাৱান্বিত হৈছে।