আন্তঃৰাষ্ট্ৰীয়

কোৰোনাত আক্ৰান্ত স্পেইনৰ ৰাজকুমাৰীৰ মৃত্যু, বেলি মাৰ নোযোৱা সাম্ৰাজ্যত জোকাৰণি…

asomiyapratidin

ডিজিটেল ডেস্কঃ কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱালে স্পেইনৰ ৰাজকুমাৰী মাৰিয়া টেৰেছাই। তেওঁৰ ভাতৃ প্ৰিন্স ছিক্সট' এনৰিকে এটা ফেচবুক পোষ্টযোগে এই কথা সদৰি কৰিছে। জানিবলৈ পোৱা অনুসৰি বৃহস্পতিবাৰে মৃত্যু হোৱা ৰাজকুমাৰীগৰাকীৰ শেষ কৃত্য সম্পন্ন হয় শুকুৰবাৰে। ইফালে দেওবাৰে স্পেইনত কোৰোনা ভাইৰাছৰ বাবে মৃত্যু হোৱা মুঠ লোকৰ সংখ্যা বৃদ্ধি পালে ৫,৯৮২ গৰাকীলৈ। প্ৰথমবাৰৰ বাবে কোৰোনাত মৃত্যু হ'ল ৰাজ পৰিয়ালৰ সদস্যৰ।

স্পেইনৰ ৰাজ পৰিয়ালৰ ব'ৰবন পৰমাৰ সদস্য তথা ৰাজকুমাৰীগৰাকী নিজ কথা কোৱাৰ ভংগিমা আৰু বিভিন্ন কামত লোৱা সক্ৰিয় ভূমিকাৰ বাবে জনপ্ৰিয় আছিল। যাৰ বাবে তেওঁক "ৰেড প্ৰিন্সেছ" বুলিও একাংশ লোকে সম্বোধন কৰে।

এই ঘটনাৰ পিছতে স্পেইনৰ লকডাউন ঘোষণা কৰা হৈছে। দুসপ্তাহৰ বাবে স্পেইনত লকডাউন অব্যাহত থাকিব। এই সময়চোৱাত অৱশ্যে জৰুৰীকালীন সেৱাৰ লোকসকলৰ বাবে লকডাউন কাৰ্যকৰী নহয়।