আন্তঃৰাষ্ট্ৰীয়

কোৰোনা ভাইৰাছৰ সন্ত্ৰাসঃ চীনৰ পাছতে অধিক ৰোগীৰ মৃত্যু হৈছে এইখন দেশত…

asomiyapratidin

ডিজিটেল ডেস্কঃ কোৰোনা ভাইৰাছৰ সন্ত্ৰাস অব্যাহত আছে চীনত। শেহতীয়াকৈ চীনত এই মহামাৰী ভাইৰাছে প্ৰাণ লৈছে ১০৯ জনকৈ লোকৰ। ইয়াৰ লগে লগে চীনত মৃতকৰ সংখ্যা ২৩৪৫ লৈ বৃদ্ধি পাইছে। ইফালে এই ভাইৰাছবিধত সংক্ৰমিত হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে ৭৬,২৮৮ গৰাকীলৈ।

দক্ষিণ কোৰিয়াতো কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা ৰোগীৰ সংখ্যা হৈছেগৈ ৩৪৬ গৰাকী। সমান্তৰালভাৱে ইৰানত প্ৰাণ হৈছে ৫ গৰাকী ৰোগীৰ। সংযুক্ত আৰৱ আমিৰাতত কোৰোনা ভাইৰাছে প্ৰাণ লৈছে ১১ জনকৈ লোকৰ। ইটালীত কোৰোনা ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছেগৈ প্ৰায় ১৫ হাজাৰ।