আন্তঃৰাষ্ট্ৰীয়

প্ৰায় ৪ ঘন্টাৰ ভিতৰত কোৰোনাই প্ৰাণ ল’লে ৭২৭ গৰাকী লোকৰ…

asomiyapratidin

ডিজিটেল ডেস্কঃ ক্ৰমান্বয়ে সংহাৰী ৰূপ ধাৰণ কৰিছে মহামাৰী কোৰোনা ভাইৰাছে। বুধবাৰে সন্ধিয়াভাগৰ পৰা নিশা ১১ বজালৈকে কোৰোনাত আক্ৰান্ত হৈ ৭ শতাধিকৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে। বাতৰি লিখা পৰলৈকে, সমগ্ৰ বিশ্বতে কোৰোনাই প্ৰাণ লোৱা লোকৰ সংখ্যা হৈছেগৈ ২০,৪৯৯ গৰাকী।

তাৎপৰ্যপূৰ্ণভাৱে বুধবাৰে সন্ধিয়াভাগত কোৰোনাত আক্ৰান্ত হৈ সমগ্ৰ বিশ্বত মৃত্যু হোৱা লোকৰ সংখ্যা আছিল ১৯,৭৭২ গৰাকী। নিশা ১১ বজাত এই সংখ্যা বাঢ়ি হয়গৈ ২০, ৪৯৯। অথাৎ কেইটামান ঘন্টাৰ মাজতে সমগ্ৰ বিশ্বত কোৰোনাই প্ৰাণ ল'লে ৭২৭ গৰাকী লোকৰ। উল্লেখ্য যে, ২৪ মাৰ্চত বিশ্বজুৰি কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৪,২২,৫৭৬জন আছিল। আৰু মৃত্যু হোৱা লোকৰ সংখ্যা আছিল ১৮,৮৭৪জন।

ইফালে কোৰোনাই সন্ত্ৰাসৰ সৃষ্টি কৰা ইটালীত মৃতক সংখ্যা হৈছেহৈ ৭,৫০৩ গৰাকী। তাৰ বিপৰীতে চীনত চেৰ পেলাই স্পেইনত মৃতকৰ সংখ্যা ৩,৪৩৪ লৈ বৃদ্ধি পাইছে। ইটালীত বুধবাৰৰ দিনটোত ৬ শতাধিকৰো অধিক ব্যক্তিৰ মৃত্যু হোৱাৰ বিপৰীতে চীনত মৃত্যু হৈছে ৪ গৰাকী ব্যক্তিৰ। শেহতীয়াকৈ কোৰোনাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱা স্পেইনত বুধবাৰে মৃত্যু হৈছে ৪৪৩ গৰাকী লোকৰ।