আন্তঃৰাষ্ট্ৰীয়

চীনত কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৮১১ গৰাকীলৈ বৃদ্ধি…

asomiyapratidin

ডিজিটেল ডেস্কঃ চীনত অব্যাহত আছে কোৰোনা ভাইৰাছৰ সন্ত্ৰাস। বৰ্তমান লৈকে মহামাৰী কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে ৮১১ গৰাকীকৈ চীনা নাগৰিকে। চীনৰ ৰাষ্ট্ৰীয় স্বাস্থ্য আয়োগে প্ৰকাশ কৰা অনুসৰি চীনত এই ভাইৰাছত আক্ৰান্ত হোৱা মুঠ লোকৰ সংখ্যা হৈছে ৩৭,১৯৮ গৰাকী।

যোৱা ২৪ ঘন্টাত ২,৬৫৬ গৰাকী লোকৰ দেহত নতুনকৈ এই ভাইৰাছৰ অৱস্থিতিৰ বিষয়ে জানিব পৰা গৈছে। ইফালে যোৱা ২৪ ঘন্টাত মৃত্যু হৈছে ৮৯ গৰাকী লোকৰ। ইয়াৰ অধিকাংশই চীনৰ হুবাই প্ৰান্তৰ।