আন্তঃৰাষ্ট্ৰীয়

ইটালীৰ পিছত আমেৰিকাত সংহাৰ, ২৪ ঘন্টাত ১৫০ জন লোকৰ মৃত্যু, ১০ হেজাৰ লোকলৈ সংক্ৰমণ কোৰোনা

asomiyapratidin

ডিজিটেল ডেস্কঃ ইটালীৰ পিছত কোৰোনা ভাইৰাছৰ অভিকেন্দ্ৰ হ'বলৈ গৈ আছে আমেৰিকা। দেশখনত এদিনতে নতুনকৈ ১০ হেজাৰ লোক কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে। কেৱল এয়াই নহয়, আমেৰিকাত যোৱা ২৪ ঘন্টাত এই ভাইৰাছৰ সংক্ৰমণ হৈ ১৫০ জন লোকৰ মৃত্যু হৈছে।

বৰ্তমানলৈকে দেশখনত কোৰোনা ভাইৰাছত আক্ৰান্ত হৈছে ৫৪,৯১৬ জন লোক। আৰু সৰ্বমুঠ এই ভাইৰাছত আক্ৰান্ত হৈ ৮ শতাধিক লোকৰ মৃত্যু হৈছে। মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে এই দুৰ্যোগৰ সময়ত সকলোকে সামাজিক দুৰত্ব বজাই ৰাখি নিজকে সুৰক্ষিত কৰি ৰাখিবলৈ আহ্বান জনাইছে।

দেশখনত এতিয়ালৈকে ৩,৭০০০০ লোকৰ কোৰোনা ভাইৰাছৰ নমুনা পৰীক্ষা কৰা হৈছে। ইয়াৰে ২ লাখৰো অধিক লোকৰ কোৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰা নাই।