আন্তঃৰাষ্ট্ৰীয়

চীন, ৰাছিয়া, নিউজিলেণ্ডত পুনৰ বৃদ্ধি কোৰোনাঃ লকডাউন ঘোষণা…

asomiyapratidin

ডিজিটেল ডেস্কঃ পুনৰ চীনৰ লগতে বিশ্বৰ কেইবাখনো দেশত কোৰনাৰ সংক্ৰমণে গুৰুতৰ ৰূপ ধাৰণ কৰিছে। পুনৰ বহুকেইখন দেশত কোৰোনাৰ সংক্ৰমণে লৈছে তীব্ৰ ৰূপ। চীনৰ ৪ নিযুত জনসংখ্যাৰ চহৰ লাঞ্জৌত ঘোষণা কৰা হৈছে লকডাউন। চহৰখনত বৃদ্ধি পাইছে কোৰোনাৰ সংক্ৰমণ। লাঞ্জৌ চহৰ চীনৰ উত্তৰ-পশ্চিমত অৱস্থিত। বৰ্ধিত সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত, চীনৰ চৰকাৰে চহৰখনত লকডাউনৰ আদেশ জাৰি কৰিছে।

লাঞ্জৌ চহৰত, জৰুৰীকালীন কামৰ বাহিৰে কাকো ঘৰৰ পৰা ওলাই যাবলৈ অনুমতি দিয়া হোৱা নাই। সকলো সামাজিক কাৰ্যসূচী নিষিদ্ধ কৰা হৈছে আৰু কাকো আৱাসিক আৰু বাণিজ্যিক স্থানত যাবলৈ অনুমতি দিয়া হোৱা নাই।উল্লেখ্য যে ২ বছৰ পূৰ্বে অক্টোবৰ আৰু নৱেম্বৰৰ সময়ছোৱাত, চীনত কৰোনা ভাইৰাছৰ প্ৰাৰম্ভিক সংক্ৰমণ অৰম্ভ হৈছিল আৰু তাৰ পৰা কোৰোনা ভাইৰাছ সমগ্ৰ বিশ্বলৈ বিয়পি পৰিছিল।

আনহাতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে নৱেম্বৰৰ আৰম্ভণিতে এসপ্তাহৰ বাবে কৰ্মস্থান বন্ধ কৰাৰ চৰকাৰী প্ৰস্তাৱত অনুমোদন জনাইছে। নিউজিলেণ্ডত আকৌ নতুনকৈ কৰোনাৰ সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি পাইছে।ৰাছিয়াত নতুনকৈ কৰোনা ৰোগী ইতিমধ্যে দ্ৰুতগতিত বৃদ্ধি পাইছে।যোৱা ২৪ ঘণ্টাত, ৰাছিয়াত কৰোনা ভাইৰাছৰ ফলত ১০২৮ জন লোকৰ মৃত্যু হৈছিল, আনহাতে কৰোনা সংক্ৰমণৰ এদিনত মুঠ ৩৪,০৭৩ জন নতুন ৰোগীৰ মৃত্যু হৈছিল।