আন্তঃৰাষ্ট্ৰীয়

চীনৰ শিক্ষানুষ্ঠানত ভাৰতীয় শিক্ষাৰ্থীক হিন্দী শিকাৰ আহ্বান লু ঝাওহুইৰ

asomiyapratidin

ডিজিটেল ডেস্কঃ বৰ্তমান ভাৰতত উপস্থিত থকা চীনৰ এম্বেছেদৰ লু ঝাওহুয়ে শুকুৰবাৰে পুৱা অংশ গ্ৰহণ কৰে এক অনুষ্ঠানত। দিল্লীৰ এই অনুষ্ঠানত উপস্থিত হৈ তেওঁ কয়- 'আমি বিচাৰো ভাৰতীয় শিক্ষাৰ্থী চীনলৈ আহক শিক্ষাগ্ৰহণৰ বাবে আৰু চীনৰ শিক্ষাৰ্থীসকলে ভাৰতত শিক্ষা গ্ৰহণ কৰক। চীনত ২০খনৰো অধিক বিশ্ববিদ্যালয়ত আছে, য'ত হিন্দী বিষয়ত শিক্ষাগ্ৰহণৰ সুবিধা আছে। ভাৰতত আৰু অধিক বিশ্ববিদ্যালয় তথা শিক্ষানুষ্ঠানসমূহত ছাত্ৰ-ছাত্ৰীক চীনা ভাষা শিকাওক।'

লগতে তেওঁ ভাৰতৰ তিনিটা বিশেষ বিষয়ক লৈ প্ৰশংসা কৰে। বলিউডৰ ছবি, যোগ, আৰু দাৰ্জিলিঙৰ চাহপাতক চীনৰ যুৱ প্ৰজন্মও আগ্ৰহেৰে আকোৱালি লৈছে বুলিও জনাই চীনৰ এম্বেছেদৰগৰাকীয়ে।