আন্তঃৰাষ্ট্ৰীয়

অৰুণাচলৰ পৰা ৫জন লোকক অপহৰণ কৰিলে চীনৰ সেনাইঃ কংগ্ৰেছ বিধায়ক নিনংগ এৰিং…

asomiyapratidin

ডিজিটেল ডেস্কঃ লাডাখৰ এল এ চিত ভাৰত আৰু চীনৰ মাজৰ সম্পৰ্ক বহু মাহ ধৰি বেয়া হৈ আছে। তাৰ মাজতে অৰুণাচলপ্ৰদেশৰ সীমাৰ কাষৰ পৰা ৫গৰাকী ভাৰতীয় নাগৰিকক চীনা সেনাই অপহৰণ কৰাৰ এক ঘটনা পোহৰলৈ আহিছে।

এ এন আইৰ খবৰ অনুসৰি, অৰুণাচলপ্ৰদেশৰ কংগ্ৰেছ বিধায়ক নিনংগ এৰিঙে দাবী কৰিছে যে চীনৰ পিএলএয়ে অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী এলেকাৰ পৰা ৫জন ভাৰতীয় নাগৰিকক অপহৰণ কৰা হৈছে। টুইটাৰযোগে এই দাবী কৰিছে কংগ্ৰেছৰ বিধায়ক নিনংগ এৰিঙে।

কংগ্ৰেছ বিধায়ক গৰাকীয়ে টুইটাৰত লিখিছে- অৰুণাচল প্ৰদেশৰ সোৱণশিৰি জিলাৰ ৫জন লোকক চীনৰ পিপলছ লিবেৰেশ্যন আৰ্মীয়ে অপহৰণ কৰিছে। লগতে তেওঁ টুইটাৰত কিছু মাহৰ পূৰ্বেও এনে ঘটনা সংঘটিত হোৱা বুলি লিখে।