আন্তঃৰাষ্ট্ৰীয়

চীনত ভূমিস্খলনৰ ফলত প্ৰাণ হেৰুৱালে ২জন লোকে, উদ্ধাৰকাৰী দলৰ অভিযান অব্যাহত…

asomiyapratidin

ডিজিটেল ডেস্কঃ চীনত দেওবাৰে সংঘটিত হয় ভয়ংকৰ ভূমিস্খলন। চীনৰ দক্ষিণ গুয়াংগদোংগ এলেকাৰ ভূমিস্খলনৰ ফলত খহি পৰে এটা ৩ মহলীয়া অট্টালিকা। এই অট্টালিকাটো খহি পৰাৰ ফলত দুজন লোকৰ মৃত়্যু হয়। ইফালে, কেইবাজনো লোক আহত হোৱাৰ লগতে বৰ্তমানেও বহু লোকৰ সন্ধান পোৱা হোৱা নাই।

চীনৰ সংবাদমাধ্যম 'ছিনহুৱা'ৰ খবৰঅনুসৰি, উদ্ধাৰকাৰী দলে অট্টালিকাটোৰ তলৰ পৰা দুজন লোকৰ মৃতদেহ উদ্ধাৰ কৰে।আনহাতে, উদ্ধাৰকাৰী দলে নিৰুদ্দেশ হৈ থকা লোকসকলৰ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।এই ঘটনাৰ ফলত অঞ্চলটোত এক বৰ্তমান সৃষ্টি হৈছে এক আতংকময় পৰিস্থিতিৰ।