আন্তঃৰাষ্ট্ৰীয়

চীনত ইণ্টাৰপ’লৰ অধ্যক্ষ মেং হংৱেৰ সন্ধানহীন, বিশ্বজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি

asomiyapratidin

ডিজিটেল ডেস্কঃ চীনত ইণ্টাৰপ'লৰ অধ্যক্ষ মেং হংৱেৰ সন্ধানহীন হোৱাৰ ঘটনাই সমগ্র বিশ্ব জুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। সততে সন্ত্ৰাসবাদ, দাগি অপৰাধীৰ ওপৰত নিৰন্তৰ চোকা দৃষ্টি ৰখা ব্যক্তিজন নিখোজ হোৱাত চিন্তাত পৰিছে সমগ্র দেশ। ছেপ্টেম্বৰ মাহৰ শেষৰ সপ্তাহত চীনত উপস্থিত হৈছিল তেওঁ। তাৰ পাছতে ইণ্টাৰপ'লৰ অধ্যক্ষজন নিখোজ হয়।

তেওঁ নিখোজ হোৱাৰ ঘটনাই ইতিমধ্যে অতিক্ৰম কৰিলে ১৩টা দিন। ইতিমধ্যে জানিব পৰা মতে, তেওঁৰ পত্নীকো কোনো অচিন লোকে ছ'চিয়েল মিডিয়াৰ জৰিয়তে হত্যাৰ ভাবুকি দিছে। ফ্ৰান্সৰ ইণ্টাৰপলৰ মুখ্য কাৰ্যালয়ত স্বামী নিখোজৰ কথা কোৱাৰ পাছতে তেওঁ এই ভাবুকি পোৱা বুলি অভিযোগ তুলিছে। ইতিমধ্যে তদন্তত নামিছে আৰক্ষী। এয়া অপহৰণ নে হত্যা সেই বিষয় বৰ্তমানো ৰহস্যৰ আৱৰ্তত।