আন্তঃৰাষ্ট্ৰীয়

কেতিয়া সুমতি হ’ব পাকিস্তানৰ! চলিত বৰ্ষত ২০৫০ বাৰ যুদ্ধবিৰতি উলংঘন…

asomiyapratidin

ডিজিটেল ডেস্কঃ কাশ্মীৰক লৈ পাকিস্তানে যে সময়ে সময়ে ঘৰিয়ালৰ চকুপানীহে টুকে। এই কথা প্ৰমাণিত হৈছে ভাৰত চৰকাৰৰ এক প্ৰতিবেদনত। কেন্দ্ৰই দেওবাৰে প্ৰকাশ কৰা এই প্ৰতিবেদনত প্ৰকাশ পাইছে যে চলিত বৰ্ষত পাকিস্তানে সীমান্তত ২০৫০ বাৰ যুদ্ধ বিৰতি উলংঘন কৰিছে। কেৱল এয়াই নহয় পাক সেনাৰ গুলীচালনাত প্ৰাণ হেৰুৱাইছে ২১ জনকৈ ভাৰতীয়ই।

প্ৰাপ্ত খবৰনুসৰি পাকিস্তান এই কাৰ্যৰ বিৰুদ্ধে ইতিমধ্যে ৰাষ্ট্ৰ সংঘত এক অভিযোগো দাখিল কৰিছে। মানৱধিকাৰ উলংঘনৰ অভিযোগেৰে ভাৰতে ৰাষ্ট্ৰসংঘক প্ৰদান কৰিছে এই অভিযোগনামা। ভাৰতৰ ফালৰ পৰা কোৱা হৈছে যে, ভাৰত-পাকিস্তানৰ পৰা মাজত হোৱা ২০০৩ চনত হোৱা বুজাবুজি পাকিস্তানে মনত ৰখা উচিত।