আন্তঃৰাষ্ট্ৰীয়

লণ্ডনৰ সংসদ ভৱনৰ সমুখত দুৰ্ঘটনা, সন্ত্ৰাসবাদীলৈ সন্দেহৰ আঙুলি

asomiyapratidin

ডিজিটেল ডেস্কঃ লণ্ডনৰ সংসদ ভৱনৰ সমুখত সংঘটিত এক পথ দুৰ্ঘটনাই গ্ৰেট ব্ৰিটেইনৰ লগতে সমগ্ৰ ইউৰোপতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। দুৰ্ঘটনাটোত কোনো লোকৰ মৃত্যুৰ খবৰ পোৱা হোৱা নাই যদিও এয়া সন্ত্ৰাসবাদীৰ আক্ৰমণ হ'ব পাৰে বুলি আশংকা কৰিয়েই উদ্বিগ্ন হৈ পৰিছে দেশখনৰ আৰক্ষী-প্ৰশাসন তথা সৰ্বসাধাৰণ।

আৰক্ষী সূত্ৰই সদৰী কৰা মতে, এখন তীব্ৰবেগী চাৰিচকীয়া বাহনে মঙলবাৰে পুৱাই লণ্ডনস্থিত সংসদ ভৱনৰ সমুখত স্থাপন কৰা সুৰক্ষা বেষ্টনীৰ দেৱালত খুন্দা মাৰে। লগে লগে গাড়ীখনৰ চালকজনক আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সমৰ্থ হয়। এই ঘটনাত কেবাজনো লোক আহত হৈছে যদিও আঘাত গুৰুতৰ নহয় বুলি জানিব পৰা গৈছে।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও ইয়াৰ আঁৰৰ কাহিনী এই পৰ্যন্ত উদঘাটন কৰিব পৰা হোৱা নাই। উল্লেখ্য যে ইয়াৰ পূ্ৰ্বে ইউৰোপ মহাদেশৰ কেবাখনো দেশত সন্ত্ৰাসবাদীয়ে গাড়ীৰে দুৰ্ঘটনা সংঘটিত কৰি আক্ৰমণ সংঘটিত কৰিছিল। সেয়ে এই ঘটনাৰ সৈতেও সন্ত্ৰাসবাদী জড়িত থকাৰ সন্দেহ কৰা হৈছে।