আন্তঃৰাষ্ট্ৰীয়

চীনক ভাৰতে দিলে আন এক প্ৰচণ্ড আঘাত…

asomiyapratidin

ডিজিটেল ডেস্কঃ চীনৰ ৫৯টা এপছ বন্ধ কৰাৰ পাছত ভাৰতে চীনৰ বিৰুদ্ধে গ্ৰহণ কৰিছে আন এক গুৰুত্বপূৰ্ণ স্থিতি। কেন্দ্ৰীয় দুৰসংযোগ বিভাগে বুধবাৰে ঘোষণা কৰে যে, ৪জি নেৰ্টৱক আপডেটৰ বাবে বি এছ এন এলে যি টেণ্ডাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিূব খুজিছে, তাত কোনো ধৰণৰ চীন কোম্পানীয়ে বিনিয়োগ কৰিব নোৱাৰিব।

ইফালে কেন্দ্ৰীয় পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়েও হাইৱে নিৰ্মাণ প্ৰকল্পত কোনোধৰণৰ চীনা কোম্পানীক জড়িত নকৰোৱাৰ সিদ্ধান্ত গ্ৰহণৰ কথা ঘোষণা কৰিছে। তেওঁ ঘোষণা কৰে, কোনো ধৰণৰ হাইৱে নিৰ্মাণ প্ৰকল্পত চীনা প্ৰতিষ্ঠানে অংশ ল্'ব নোৱাৰিব আৰু তেনে চেষ্টা যদি কৰে মন্ত্ৰণালয়ৰ ফালৰ পৰা সেই কামক অনুমোদন জনোৱা নহয়।