আন্তঃৰাষ্ট্ৰীয়

কোভিড-১৯ক ‘little flu’ আখ্যা দিয়া ৰাষ্ট্ৰপতি এতিয়া নিজে আক্ৰান্ত কোৰোনাত…

asomiyapratidin

ডিজিটেল ডেস্কঃ আমেৰিকাৰ পিছতে কোৰোনাত সৰ্বাধিক ক্ষতিগ্ৰস্থ হোৱা দেশ ব্ৰাজিলৰ ৰাষ্ট্ৰপতি জেইৰ বলচনাৰ' আক্ৰান্ত হৈছে কোৰোনাত। যোৱা মঙলবাৰে কোৰোনাৰ চতুৰ্থটো পৰীক্ষাত তেওঁৰ ৰিজাল্ট আহে পজিটিভ।

উল্লেখ্য, যে বিগত দিনকেইটাত বহুলোকৰ সংস্পৰ্শলৈ আহিছিল ৰাষ্ট্ৰপতিগৰাকী। এতিয়া সেইসকলোবোৰ লোকৰ পৰিচয় গোটোৱাত ব্যস্ত ব্ৰাজিল প্ৰশাসন। কোৰোনা টেষ্ট পজিটিভ অহাৰ পাছত বলচনাৰ'য়ে কয়, মই ঠিকে আছো। মোক ডাক্টৰে হস্পাতালত থাকিবলৈ পৰামৰ্শ প্ৰদান কৰিছে বাবে এইকেইদিন ইয়াতে থাকিম।

ইফালে বলচনাৰ'ৰ কোৰোনা পজিটিভ বুলি খবৰ ৰাজহুৱা হোৱাৰ লগে লগে আন এটা কথাক লৈ বিশেষ চৰ্চা হৈছে। ব্ৰাজিলত কোৰোনা ভাইৰাছে সংহাৰী ৰূপ ধাৰণ কৰাৰ পূৰ্বে কোৰোনা ভাইৰাছক "little flu" আখ্যা দিছিল। এগৰাকী ৰাষ্ট্ৰপ্ৰধানৰ এনে মন্তব্যক লৈ যথেষ্ট বিৰ্তকৰ সূত্ৰপাত হৈছিল।