আন্তঃৰাষ্ট্ৰীয়

ট্ৰাম্পে বিচ্ছিন্নতা আৰু উচ্ছলতা উপভোগ কৰেঃ জো ৱাইডেন…

asomiyapratidin

ডিজিটেল ডেস্কঃ ডেমক্ৰেটিক পাৰ্টিৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী জো ৱাইডেনে অভিযোগ কৰিছে যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে বিচ্ছিন্নতা আৰু উচ্ছলতা উপভোগ কৰে আৰু কোভিড-১৯ৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত তেওঁৰ ব্যৰ্থতাৰ পৰা মানুহৰ মনোযোগ আঁতৰাবলৈ যিকোনো কাম কৰিব পাৰে।

শুক্ৰবাৰে মিচিগানৰ চাউথফিল্ডত নিৰ্বাচনী প্ৰচাৰৰ সময়ত তেওঁ কয় যে কোভিড-১৯ ৰ ওপৰত ট্ৰাম্পৰ নীতিৰ ফলত দেশৰ যথেষ্ট মূল্য পৰিশোধ কৰিব লগা হৈছে।

তেওঁ কয়,"ঘৃণা কেতিয়াও শেষ নহয়। ই কেৱল লুকাই থাকে আৰু যেতিয়াই সুযোগ পাই তেতিয়াই বাহিৰলৈ আহে।" আমেৰিকা যুক্তৰাষ্ট্ৰত ৰাষ্ট্ৰপতিৰ পৰা সাধাৰণ লোকলৈকে ঘৃণাৰ বাবে কোনো স্থান নাই।ৱাইডেনে কয় যে, ৰাষ্ট্ৰপতি ট্ৰাম্পে বিচ্ছিন্নতাক বাৰুকৈয়ে উপভোগ কৰে দেশ ৰক্ষাৰ ক্ষেত্ৰত তেওঁৰ বিফলতা সমূহ ঢাকি জনসাধাৰণৰ মনোযোগ পাবলৈ তেওঁ যিকোনো কাম কৰিব পাৰে।

ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী গৰাকীয়ে কয় যে, ট্ৰাম্পে এতিয়াও স্বপ্নৰ পৃথিৱীত বাস কৰি আছে আৰু নিৰন্তৰ আমেৰিকাৰ জনসাধাৰণক কৈ আছে যে এক অলৌকিক ঘটনাৰ দৰে কোভিড ভাইৰাছ এই পৃথিৱীৰ পৰা নাইকিয়া হৈ যাব বুলি বিশ্বাস কৰি আছে।