আন্তঃৰাষ্ট্ৰীয়

প্ৰকৃতিয়ে কৃপা কৰিছে নেকি ভূটানক! কোৰোনাৰ ভয়াৱহতা নাই বিশ্বৰ সুখী দেশখনত

asomiyapratidin

ডিজিটেল ডেস্কঃ সমগ্ৰ বিশ্বৰ লগতে দক্ষিণ পূব এছিয়াত ভয়াৱহ ৰূপ ধাৰণ কৰিছে কোৰোনাই। কিন্তু তাৰ মাজতে আমাৰেই চুবুৰীয়া ৰাষ্ট্ৰ ভূটানত নাই কোৰোনাৰ এই সন্ত্ৰাস। অসমৰ পৰা ফুৰিবলৈ যোৱা এজন মাৰ্কিন পৰ্যটকৰ দেহত প্ৰথম কোৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছিল। যোৱা প্ৰায় ২৫ দিন কোৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত সফল হৈছে ভূটান।

বিশ্বৰ অন্যতম সুখী দেশ হিচাপে পৰিচিত ভূটানত নাই আমেৰিকা, ইটালীৰ দৰে উন্নত চিকিৎসাৰ ব্যৱস্থা। প্ৰাকৃতিকভাৱে কিন্তু ভূটানে এনে কিছু নিয়মৰ মাজত চলে যে, সামাজিক দুৰত্ব বজাই ৰখাৰ ক্ষেত্ৰত এই দেশখনৰ নাগৰিকে কোৰোনা ভাইৰাছ ধৰা পৰাৰ দিনৰে পৰা মানিব লগা নিয়মসমূহ কঠোৰভাৱে মানিছে।

দেশখনলৈ বিদেশত থকা ১৪০ জন নাগৰিক ঘূৰি গৈছে যদিও তেওঁলোকক হ'ম কোৱাৰেন্টাইনত ৰখোৱাৰ ব্যৱস্থা কৰিছে চৰকাৰে। কৃত্ৰিম সাৰ আৰু ৰাসায়নিক দ্ৰব্যযুক্ত শাক পাচলি নিষিদ্ধ ভূটানত।অত্যাধুনিক যন্ত্ৰ তথা উদ্যোগৰ সলনি প্ৰকৃতিৰ সৈতে সহৱস্থান কৰে ভূটানে। সেয়ে হয়তো ভূটানত কোৰোনাৰ সংক্ৰমণে বিশেষ প্ৰভাৱ পেলাব পৰা নাই।

বৰ্তমানলৈকে ভূটানত মাত্ৰ ৪জন লোকৰ দেহত ধৰা পৰিছে কোৰোনা ভাইৰাছ। তাৰ পিছতো কিন্তু ভূটান চৰকাৰ যথেষ্ট সজাগ। বিশ্বৰ আন দেশবোৰৰ দৰে ভূটানেও দেশখনত লকডাউন কৰাৰ চিন্তা চৰ্চা কৰিছে।