আন্তঃৰাষ্ট্ৰীয়

প্ৰধানমন্ত্ৰী মোডীলৈ ভূটানৰ সৰ্বোচ্চ অসামৰিক সন্মান…

asomiyapratidin

ডিজিটেল ডেস্কঃ ভূটান চৰকাৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক প্ৰদামন কৰিলে দেশখনৰ সৰ্বোচ্চ অসামৰিক সন্মান। ভূটানৰ প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা প্ৰকাশ কৰা বিবৃতিত কোৱা হৈছে যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক দেশৰ সৰ্বোচ্চ অসমাৰিক সন্মানেৰে সন্মানিত কৰাৰ সিদ্ধান্তত আমি অত্যন্ত সুখী।

আনহাতে প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে, তেওঁক ভূটানৰ সৰ্বোচ্চ অসমাৰিক সন্মান নগাদাগ পেল গি খোৰলোৰে সন্মানিত কৰা হৈছে।দুয়োখন দেশৰ মাজত বন্ধুত্ব আৰু পাৰস্পৰিক সহযোগিতাৰ বাবে প্ৰধানমন্ত্ৰী মোডীক এই সন্মান প্ৰদান কৰা হৈছে।

ভূটান চৰকাৰে দেশখনৰ নাগৰিকক উদ্দেশ্য কৰি কৈছে যে, তেওঁলোকে সদায় প্ৰধানমন্ত্ৰী মোডীক এজন মহান আৰু আধ্যাত্মিক মানুহ ব্যক্তি হিচাপে চাই আহিছে। ভূটানে প্ৰধানমন্ত্ৰী মোডীক তেওঁলোৰ দেশভ্ৰমণৰ বাবে আমন্ত্ৰণ জনাইছে।

উল্লেখ্য যে কৰোনা মহামাৰীৰ সময়ত ভাৰতে চুবুৰীয়া ভূটানক বিভিন্নধৰণে সহায় কৰিছিল। কোভিড ভেকচিন প্ৰদানকে ধৰি বহু কেইটা বিষয়ত ভূটানক সহায় কৰা ভাৰতে কেইবাটাও বিষয়ত সহযোগিতাৰে কাম কৰি আহিছে।