আন্তঃৰাষ্ট্ৰীয়

জিডিপিত বাংলাদেশে পিছ পেলাব ভাৰতবৰ্ষতঃ আইএমএফ…

asomiyapratidin

ডিজিটেল ডেস্কঃ আইএমএফৰ এক প্ৰতিবেদন অনুসৰি, জিডিপিত ভাৰতক পিছ পেলাব বাংলাদেশ। ব্যক্তি প্ৰতি মুঠ ঘৰুৱা উৎপাদনত ভাৰতক অতিক্ৰম কৰিবলৈ সাজু হৈছে চুবুৰীয়া দেশখন। আইএমএফৰ ডব্লিউইঅ' অনুসৰি, ২০২০ বৰ্ষত বাংলাদেশৰ প্ৰতি জন ব্যক্তিৰ জিডিপি ৮ শতাংশৰ বৃদ্ধি হৈ ১,৮৮৮  হব বুলি আশা কৰা হৈছে।

আনহাতে ভাৰতৰ ব্যক্তি প্ৰতি জিডিপি ১০.৩  শতাংশৰ হ্ৰাসেৰে ১,৮৭৭  ডলাৰ হ'ব বুলি আশা কৰা হৈছে। ভাৰত বৰ্ষৰ এইবৰ্ষৰ জিডিপি  বিগত চাৰি বছৰৰ ভিতৰত সৰ্বনিম্ন। আইএমএফে এই বছৰ ভাৰতৰ জিডিপি ১০.৩ শতাংশ হ্ৰাস পাব বুলি মন্তব্য কৰিছে।