আন্তঃৰাষ্ট্ৰীয়

বাংলাদেশৰ প্ৰধানমন্ত্ৰীয়ে কিয় ক’লেঃ ‘পিঁয়াজ নাখাওঁ…’

asomiyapratidin

ডিজিটেল ডেস্কঃ বৰ্তমান ভাৰতত উপস্থিত বাংলাদেশৰপ্ৰধানমন্ত্ৰী শ্বেখ হাছিনা। বাংলাদেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে এক অনুষ্ঠানত কয় যে, 'পিঁয়াজৰবাবে কিছু অসুবিধা হৈছে। মই নাজানো আপোলোকে পিঁয়াজ কিয় বন্ধ কৰিলে? মইৰান্ধনীগৰাকীক কৈছো যে, এতিয়াৰ পৰা খাদ্য বনালে পিঁয়াজ দিব নালাগে।'

উল্লেখ্য যে, ভাৰতত পিঁয়াজ কমি যোৱাৰ বাবে চৰকাৰে ২৯ ছেপ্টেম্বৰৰ পৰা ৰপ্তানি বন্ধ কৰিছে পিয়াজৰ। যাৰ বাবে দেশৰ লগতে বহিঃৰাষ্ট্ৰলৈও ৰপ্তানি কৰা হোৱা নাই পিঁয়াজ। আৰু ভাৰতে সমগ্ৰ বিশ্বৰ প্ৰায় ৬০খনকৈ দেশলৈ ৰপ্তানি কৰে পিঁয়াজ। যাৰ বাবে বাংলাদেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে কৰে এই মন্তব্য।

ইফালে, দিল্লী চৰকাৰে সুলভ মূল্যতৰাজ্যবাসীক উপলব্ধ কৰাইছে পিঁয়াজ। এজন লোকে সৰ্বাধিক ৫ কেজিলৈকে পিঁয়াজ ক্ৰয় কৰিবপাৰে এই সুলভ মূল্যৰ দোকানসমূহৰ পৰা। যাৰ বাবে দেখা গৈছে ৰাজ্যখনত পিঁয়াজ ক্ৰয় কৰাগ্ৰাহকৰ দীঘলীয়া শাৰী।