আন্তঃৰাষ্ট্ৰীয়

গেছৰ পাইপলাইনত বিস্ফোৰণঃ নিহত ৭, আহত ৮…

asomiyapratidin

ডিজিটেল ডেস্কঃ দক্ষিণ-পশ্চিম বাংলাদেশত দেওবাৰেসংঘটিত হয় এক ভয়ংকৰ ঘটনা। এটা বাসগৃহৰ গেছৰ পাইপলাইনত বিস্ফোৰণ  হোৱাৰ ফলতেই সংঘটিত হয় এই অগ্নিকাণ্ড।অগ্নিকাণ্ডৰ ফলত ৭জন লোকে প্ৰাণ হেৰুওৱাৰ লগতে ৮জনকৈ লোক গুৰুতৰভাৱে আহত হয়।

আৰক্ষীৰ মতে, ছট্টগ্ৰাম চহৰৰ এটা ৫ মহলীয়াএটা অট্টালিকাত সংঘটিত হয় এই অগ্নিকাণ্ড। ইফালে, বিস্ফোৰণৰ ফলত এখন দেৱাল খহি পৰে তললৈআৰু ইয়াৰ ফলত তলত পথেৰে অহা-যোৱা কৰা পথাচাৰীও আহত হয়। লগতে আৰক্ষীয়ে গেছপাইপলাইনত কেনেকৈ বিস্ফোৰণ সংঘঠিত হ'ল সেই সন্দৰ্ভত জানিব পৰা হোৱা নাই বুলি জনায়।