আন্তঃৰাষ্ট্ৰীয়

১০ উইকেটৰ ক্লাবত আজাজ পেটেল! মুম্বাইৰ যুৱকে ভাৰতৰ বেটিং লাইনআপত সৃষ্টি কৰিলে খহনীয়া…

asomiyapratidin

ডিজিটেল ডেস্কঃ নিউজিলেণ্ডৰ স্পিনাৰ আজাজ পেটেলে মুম্বাইৰ ৱানখেড়েৰ দ্বিতীয় খন টেষ্ট মেচত সৃষ্টি কৰিলে ইতিহাস। ভাৰতৰ বিৰুদ্ধে এটা ইনিংছত ১০ টা উইকেট দখল কৰি ইতিহাস সৃষ্টি কৰিলে আজাজ পেটেলে।। জিম লেকাৰ আৰু অনিল কুম্বলেৰ পিছত, আজাজে তৃতীয়গৰাকী বলাৰ হিচাপে এটা ইনিংছত ১০ টাকৈ উইকেট দখল কৰে।

আজাজৰ আগতে ইংলিছ পেচাৰ জিম লেকাৰে ১৯৫৬ চনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এটা ইনিংছত ১০ টা উইকেট দখল কৰিছিল আৰু অনিল কুম্বলেয়ে ১৯৯৯ চনত পাকিস্তানৰ বিৰুদ্ধে ১০ টা উইকেট দখল কৰিছিল।

আজাজ পেটেল হৈছে একবিংশ শতিকাত ১০ টা উইকেট লোৱা প্ৰথম গৰাকী ক্ৰিকেটাৰ। ভাৰত আৰু নিউজিলেণ্ডৰ মাজত চলি থকা দ্বিতীয়খন টেষ্ট মেচত আজাজ পেটেলে অকলে এটা ইনিংছত ৪৭ অভাৰতকৈ অধিক বলিং কৰিছিল। আনহাতে তেওঁৰ বাকী সতীৰ্থসকলে ২২ অভাৰৰ মাৰ্কো অতিক্ৰম কৰা নাছিল।

উল্লেখ্য যে এইগৰাকী আজাজ পেটেলৰ জন্ম মুম্বাইত। ১৯৯৬ চনত, যেতিয়া ৮ বছৰীয়া আজাজ ইউনুছ পেটেল মুম্বাইৰ পৰা নিউজিলেণ্ডলৈ যায়, তেতিয়া তেওঁ ক্ৰিকেটাৰ হোৱাৰ সপোন দেখা নাছিল। মুম্বাইত জন্ম গ্ৰহণ কৰা যুৱকজনে মাজে মাজে স্কুলত ক্ৰিকেট খেলিছিল।

২৫ বছৰৰ পিছত, পেটেলৰ বাবে এয়া এক আৱেগিক মুহূৰ্ত। জন্মস্থানৰ খেলপথাৰত নিউজেলণ্ডৰ হৈ ভাৰতৰ বিৰুদ্ধে খেলিছে আজাজে। যদিও তেওঁ নিউজিলেণ্ডৰ হৈ খেলিছে মুম্বাইত বাস কৰা তেওঁৰ পৰিয়ালৰ সদস্যসকলে পেটেলক উৎসাহিত কৰিবলৈ খেলপথাৰত উপস্থিত আছে।