আন্তঃৰাষ্ট্ৰীয়

শৌচাগাৰত ওলাল প্ৰকাণ্ড অজগৰ, তাৰ পিছত…

asomiyapratidin

ডিজিটেল ডেস্কঃ অসমীয়াত এষাৰ কথা আছে – সাপে লেখি খায়, বাঘে দেখি খায়। কিন্তু এই দুয়োবিধ প্ৰাণীলৈ মানুহৰ ভয় সমানেই বুলি কব পাৰি। দেখিলেই ভয় কৰা এই প্ৰাণী দুবিধৰ এবিধ যদি আপুনি গা ধুৱলৈ গৈ বাথৰূমত দেখা পায় কি অৱস্থা হব বাৰু! আপুনি এই কথা এতিয়া কল্পনা কৰিলেও এনে এক ঘটনাই সংঘটিত হল অষ্ট্ৰেলিয়াত। এগৰাকী মহিলাই গা ধুবলৈ বাথৰূমত সোমাই দেখিছে যে শৌচাগাৰত এটা প্ৰকাণ্ড অজগৰ।

https://www.facebook.com/cairnssnakes/photos/a.581065092023150/2263551923774450/?type=3

অষ্ট্ৰেলিয়াৰ নিৱাসী নিক'ল এৰেই বাসগৃহত সংঘটিত হল এই ঘটনা। ঘটনাৰ সংঘটিত হোৱাৰ পাছতে ফেচবুক, টুইটাৰত এই ফটো আপলোড কৰিছিল নিকলে। বৰ্তমান টুইটাৰ, ফেচবুকত ভাইৰেল হৈছে এই ফটো। টুইটাৰত কৰা পোষ্টত নিকলে লিখিছে যে- কেৱল এয়াই নহয়, এই ঘটনাৰ পাছতো তেও বাথৰূমৰ বেচিনত অন্য এটা সাপ প্ৰত্যক্ষ কৰিছিল।

https://www.facebook.com/cairnssnakes/photos/a.581065092023150/2263551887107787/?type=3