আন্তঃৰাষ্ট্ৰীয়

চুৰিৰে আক্ৰমণঃ নিহত ২জন, ৫ জন আঘাটপ্ৰাপ্ত…

asomiyapratidin

ডিজিটেল ডেস্কঃ কানাডাৰ ক্যুৱেক প্ৰান্তত ডাঙৰ আক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে।কোনো সন্দেহযুক্ত লোকে ভীৰৰ মাজত চুৰিৰে কৰা আক্ৰমণত দুজন লোকৰ মৃত্যু হোৱাৰ লগতে ৫ জন লোক আঘাটপ্ৰাপ্ত হয়।বিগত সময়ছোৱাত ফ্ৰান্সতো এনেধৰণৰ বহু ঘটনা সংঘটিত হৈছে যদিও কানাডাৰ এই ঘটনাক লৈ এতিয়ালৈ প্ৰশাসনে ঘটনাৰ সন্দৰ্ভত কোনো মন্তব্য কৰা নাই।

আৰক্ষীৰ ভাষ্য যে আক্ৰমণকাৰীয়ে চুৰিৰে বহু লোকক আক্ৰমণৰ লক্ষ্য কৰি লৈছে। ক্যুবেক চিটি আৰক্ষী বিভাগে কয় যে, ৰাতি  প্ৰায় এক বজাত আক্ৰমণকাৰীৰ গ্ৰেপ্তাৰ কৰা হৈছে। প্ৰশাসনে সোধ-পোচ শেষ হোৱাৰ পৰ্যন্ত জনসাধাৰণক ঘৰত থকাৰ পৰামৰ্শ দিছে।