আন্তঃৰাষ্ট্ৰীয়

ন’ৰৱেৰ তেলৰ টেংকাৰ কঢ়িয়াই নিয়া জাহাজত আক্ৰমণ, তিনিটাকৈ বিস্ফোৰণ সংঘটিত…

asomiyapratidin

ডিজিটেল ডেস্কঃ ন'ৰৱেৰ তেল কঢ়িয়াই নিয়া জাহাজ ফ্ৰণ্ট অল্টেয়াৰত অ'মানৰ সাগৰপৃষ্ঠত বৃহস্পতিবাৰে চলোৱা হয় আক্ৰমণ। জাহাজখনত তিনিটা বিস্ফোৰণ সংঘটিত কৰা হয় যদিও, কোনো লোক হতাহত হোৱা খবৰ পোৱা হোৱা নাই। এই কথা জনায় ন'ৰৱেৰ মেৰিটাইম অথিৰিটীয়ে।

লগতে জনায় যে, এই সাগৰীয় এলেকাটোত ক'কুকা কৰেজিয়ছ নামৰ জাহাজখনৰ ওপৰতো আক্ৰমণ চলোৱা হৈছিল। উল্লেখ্য যে, ফ্ৰন্ট অল্টেয়াৰত আক্ৰমণৰ সয়ত ১লাখ ১১হাজাৰ টন ওজনৰ তেল আছিল। বিস্ফোৰণৰ ফলত এই তেলৰ টেংকাৰত সংঘটিত হয় অগ্নিকাণ্ড।

জানিব পৰা মতে, ১৩জুনৰ পুৱা প্ৰায় ৬ বজাত অমিৰাত আৰু ইৰাণৰ সাগৰীয় সীমান্তৰ মাজত ফ্ৰন্ট অল্টেয়ৰ জাহাজখনত আক্ৰমণ চলোৱা হৈছিল। মাৰ্শ্বেল দ্বীপৰ পতাকা থকা এই টেংকাৰত তিনিটা বিস্ফোৰণ সংঘটিত হোৱাৰ পাছত কথমপি প্ৰাণৰক্ষা কৰি জাহাজ চালকৰ এটা দলে কাষেৰে পাৰ হৈ যোৱা আন এখন জাহাজত উঠে। অৱশ্যে বৰ্তমানলৈ কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই।