আন্তঃৰাষ্ট্ৰীয়

জাপানত হেজিবিছ ঘূৰ্ণীবতাহৰ তাণ্ডৱ! নিহত ২জন, আহত ৭০…

asomiyapratidin

ডিজিটেল ডেস্কঃ শনিবাৰে জাপানত তাণ্ডৱ চলালে হেজিবিছ ঘূৰ্ণীবতাহে। আৰু ইয়াৰ প্ৰভাৱ পৰিছে দেশখনৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজধানী টকিঅ'তো। এই ভয়াৱহ ঘূৰ্ণীবতাহৰ ফলত প্ৰাণ হেৰুৱাই দুজন ব্যক্তিয়ে। লগতে প্ৰায় ৭০জন লোক আহত হৈছে। উল্লেখ্য যে, হেজিবিছৰ আগজাননী দি দেশখনৰ বতৰ বিজ্ঞান কেন্দ্ৰই নাগৰিকসকলক সুৰক্ষিত স্থানলৈ স্থানান্তৰ হ'বলৈ কৈছিল।

ইফালে, শনিবাৰে ঘূৰ্ণীবতাহৰ পূৰ্বে ধাৰাসাৰ বৃষ্টিপাত হয় জাপানত। আনহাতে, প্ৰায় ১৬ লাখৰো অধিক লোকক স্থানান্তৰ কৰা হয় নিৰাপদ স্থানলৈ। এই হেজিবিছ ঘূৰ্ণীবতাহৰ প্ৰভাৱ পৰে বিদ্যুৎ যোগানতো। আৰু লগতে কেইবাখনো বিমান উৰণ স্থগিত ৰখা হয় এই ঘূৰ্ণীবতাহৰ বাবে।

লক্ষণীয় যে, এই ঘূৰ্ণীবতাহৰ ফলত জাপানৰ বিভিন্ন প্ৰান্তত ভূমিস্খলনৰ সম্ভাৱনাই দেখা দিচে। তদুপৰি বাট-পথসমূহ ডুব গৈছে পানীৰ তলত। জাপানৰ বতৰ বিজ্ঞান কেন্দ্ৰই আগতীয়াকৈ জাননী দিছিল যে, হেজিবিছ ঘূৰ্ণীবতাহ প্ৰায় ২১৬ কিলোমিটাৰ প্ৰতি ঘণ্টাৰ গতিত প্ৰৱেশ কৰিব উত্তৰ আৰু পূব জাপানত। আৰু তাৰপাছতেই ১৬লক্ষাধিক লোকক স্থানান্তৰ কৰা হৈছিল সুৰক্ষিত স্থানলৈ। উল্লেখযোগ্য যে, এই ঘূৰ্ণীবতাহৰ ফলত ক্ষতিগ্ৰস্ত হৈছে প্ৰায় ৩৬হাজাৰ বাসগৃহ।