আন্তঃৰাষ্ট্ৰীয়

ডোনাল্ড ট্ৰাম্পে ধন্যবাদ জনালে ভাৰতীয় বন্ধুক, ক’লে, “আমেৰিকাই ভাৰতক ভাল পায়”

asomiyapratidin

ডিজিটেল ডেস্কঃ শনিবাৰে আমেৰিকাত উদযাপিত হ'ল ২৪৪ সংখ্যক স্বাধীনতা দিৱস। এই বিশেষ দিনটোত আন দেশৰ লগতে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীক শুভেচ্ছা জনালে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। প্ৰধানমন্ত্ৰীগৰাকীক ধন্যবাদ জনালে ডোনাল্ড ট্ৰাম্পে। মোডীয়ে টুইটযোগে শুভেচ্ছা জনাইছিল ৰাষ্ট্ৰপতিগৰাকীক।

টুইটত ৰিপ্লাই কৰি ট্ৰাম্পে লিখিছে, 'ধন্যবাদ মোৰ বন্ধু। আমেৰিকাই ভাৰতক ভাল পায়।' উল্লেখ্য যে, ৪ জুলাইত ট্ৰাম্পে আমেৰিকাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানতো অংশ লয়। দক্ষিণ ডাকটাত অনুষ্ঠিত হৈছিল স্বাধীনতা দিৱসৰ অনুষ্ঠান।