আন্তঃৰাষ্ট্ৰীয়

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বিল ক্লিণ্টনক চিকিৎসায়ত ভৰ্তি…

asomiyapratidin

ডিজিটেল ডেস্কঃ আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বিল ক্লিণ্টনক ইউআৰউইন চিকিৎসা কেন্দ্ৰ ইউচি কেলিফৰ্ণিয়াত ভৰ্তি কৰোৱা হৈছে। তেওঁৰ মুখপাত্ৰ এঞ্জেল ইউৰেনাই এক বিবৃতি জাৰি কৰি কয় যে, তেওঁক মঙলবাৰে অনা-কোভিড সংক্ৰমণৰ চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হৈছিল।

ক্লিণ্টনৰ চিকিৎসকসকলে কৈছিল যে তেওঁক নিকট নিৰীক্ষণৰ বাবে ভৰ্তি কৰা হৈছে আৰু এণ্টিবায়টিক আৰু তৰল দিয়া হৈছে। ৭৫ বছৰীয়া ক্লিণ্টন কাৰ্ডিওভাস্কুলাৰ ৰোগত ভুগি আছে। ২০০৪ আৰু ২০১০ চনত তেওঁৰ দুটা হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ হৈছিল।