আন্তঃৰাষ্ট্ৰীয়

আমেৰিকাত কোৰোনাত আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে ৪ লাখ

asomiyapratidin

ডিজিটেল ডেস্কঃ কোৰোনাৰ সংহাৰ বৃদ্ধি পাইছে আমেৰিকাত। বিশ্বৰ শক্তিশালী ৰাষ্ট্ৰখনৰ ৪ লাখ, ৫৪০ গৰাকী লোকৰ দেহত ধৰা পৰিছে কোৰোনা ভাইৰাছ। এতিয়ালৈকে কোৰোনাত আক্ৰান্তৰ সংখ্যাৰ দিশৰ পৰা তালিকাৰ শীৰ্ষত আছে আমেৰিকা।

প্ৰতিদিনে দেশখনত বহুলোক এই মহামাৰীত আক্ৰান্ত হৈছে। ইফালে আমেৰিকাত কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে ১২,৮৫৭ গৰাকী লোকৰ। অৱশ্যে এতিয়ালৈকে আৰোগ্য হৈছে ২১,৭১১ গৰাকী। বুধবাৰে দেশখনত ১৬ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।