আন্তঃৰাষ্ট্ৰীয়

৬ দিন ধৰি গছৰ ওপৰতে ওলমি ৰ’ল মহিলা, অৱশেষত মৃত্যুৱেও মানিলে হাৰ

asomiyapratidin

ডিজিটেল ডেস্কঃ চৌপাশে কেৱল আৰণ্য আৰু অৰণ্য। নাই মানুহ। দিনতেই যেন তাত বিৰাজ কৰে ভয়াবহ নিৰ্জনতাই। মুল পথৰ পৰা ঠাইটুকুৰা বেছ কিছু নিলগত হোৱা বাবে সেইফালেৰে কোনো যান-বাহন কিম্বা মানুহৰ আগমণ নঘটে। তেনে এক পৰিৱেশতেই সম্পূৰ্ণ ৬ দিন ধৰি এডাল গছৰ ওপৰতে ওলমি থাকিল এগৰাকী মহিলা। সংগী মাথো দুৰ্ঘটনাটোত পতিত হোৱা তেওঁৰ বাহনখন। অনাহাৰে, অনিদ্ৰাৰে একমাত্ৰ জীয়াই থকাৰ দুৰ্বাৰ হেঁপাহ আৰু অদম্য সাহসৰে মৃত্যুৰ সতে যুঁজি অৱশেষত জয়ী হ'ল তেওঁ।

এই ঘটনা ঘটিছে আমেৰিকাৰ উইকেনবাৰ্গত। উইকেনবাৰ্গৰ সমীপৰ আৰিজনাৰ ৬০নং ৰাষ্ট্ৰীয় ঘাইপথেৰে গাড়ী চলাই আহিছিল ৫৬ বৰ্ষীয় মহিলাগৰাকীয়ে। পাহাৰৰ উচ্চতাৰ একা বেঁকা পথটোৰে মহিলাগৰীয়ে কিছু গতিত আগবাঢ়িছিল। কিন্তু হঠাৎ তেওঁ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ ৰেলিঙত খুন্দা মাৰে। ফলত ৰেলিং ভাগি সুউচ্চ পাহাৰৰ পৰা গাড়ীৰ সৈতে তললৈ সৰি পৰে মহিলাগৰাকী।

কিন্তু সৌভাগ্যবশতঃ গাড়ীখন চিধাই মাটিত নপৰি মাটিৰ পৰা ৫০ ফুট উচ্চতাৰ এডাল গছক ফেৰঙনিত ওলমি ৰয়। আৰু তেনেদৰেই অৰণ্যৰ মাজত ভয়াবহ নিস্তব্ধতাক বুকুত সামৰি ৬ দিন ধৰি মহিলাগৰাকীয়ে ক্ষত-বিক্ষত দেহেৰেই মৃত্যুৰ সতে যুঁজ দিয়ে। এই ঘটনাটো সংঘটিত হৈছিল ১৮ অক্টোবৰত।

অৱশেষত ২৪ অক্টোবৰৰ সন্ধিয়া আৰিজনাৰ ৬০নং ৰাষ্ট্ৰীয় ঘাইপথেৰে যোৱা এগৰাকী যাত্ৰীয়ে পথৰ দাঁতিত বাহনৰ ভগা টুকুৰা প্ৰত্যক্ষ কৰি কোনো লোক দুৰ্ঘটনাত পতিত হোৱাৰ আশংকা কৰা আৰক্ষীক অৱগত কৰে। পিছত আৰক্ষীয়ে হেলিকপ্টাৰযোগে অনুসন্ধান চলাই গছৰ ফেৰেঙনিত ওলমি থকা বাহনখন আৰু মহিলাগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

দুৰ্ঘটনাত গুৰুতৰভাৱে আহত আৰু ৬ দিন ধৰি অনাহাৰে অনিদ্ৰাৰে পাৰ কৰা মহিলাগৰাকীক স্বাস্থ্যৰ যথেষ্ট অৱনতি ঘটিছিল যদিও তৎকালীনভাৱে চিকিৎসা প্ৰদান কৰাত বৰ্তমান মহিলাগৰাকী সুস্থ বুলি জানিবলৈ দিছে আৰিজনা প্ৰশাসনে। আনহাতে মহিলাগৰাকীয়ে জনোৱা মতে তেওঁ জীয়াই থকাৰ আশা সম্পূৰ্ণৰূপে বাদ দিছিল। মৃত্যুৰ সতে যুঁজি অৱশেষত তেওঁ ভাগৰি পৰিছিল। কিন্তু ভাগ্যই তেওঁক সহায় কৰা বাবেই তেওঁ জীয়াই থাকিবলৈ আৰু এটা সুযোগ পাইছে বুলিও মন্তব্য কৰে মহিলাগৰাকীয়ে।