আন্তঃৰাষ্ট্ৰীয়

দৈনিক ৭০ কিঃমিঃ চাইকেল চলাই গৈ পৰ্যটকৰ পৰা ইংৰাজী শিকিছিল চীনৰ সবাতোকৈ ধনী ব্যক্তিজনেঃ জন্মদিনৰ দিনাখনেই বিদায় দিলে ‘আলিবাবা’ক

asomiyapratidin

ডিজিটেল ডেস্কঃ বিশ্বৰ চতুৰ্থ সৰ্ববৃহৎ ইন্টাৰনেট বানিজ্য সংস্থা তথা চীনৰ প্ৰথমটো ইন্টাৰনেট বানিজ্য সংস্থা 'আলিবাবা'ৰ সহযোগী প্ৰতিষ্ঠাপক তথা প্ৰধান জেক মাই তেওঁৰ ৫৫ সংখ্যক জন্মদিনটোতে অৰ্থাৎ ১০ ছেপ্টেম্বৰত কৰ্মৰ পৰা অৱসৰ ল'ব। পূৰ্বে এগৰাকী শিক্ষকৰূপে কৰ্মৰত জেক মাই আলিবাবাৰ পৰা অৱসৰ গ্ৰহণৰ পিছত পুনৰ শিক্ষকৰূপে নিয়োজিত হৈ সমাজৰ হকে সেৱা আগবঢ়ালৈ মন স্থিৰ কৰিছে। আনহাতে ১০ ছেপ্টেম্বৰৰ জেক মাৰ জন্মদিনটোতে চীনত শিক্ষক দিৱস পালন কৰাৰ পৰিপ্ৰেক্ষিতত সেইদিনাই তেওঁ অৱসৰ গ্ৰহণৰ সিদ্ধান্ত লৈছে।

শৈশৱত জেক মা আৰু তেওঁৰ বন্ধুসকল

এটা অতি সাধাৰণ পৰিয়ালত জন্মগ্ৰহণ কৰা জেক মাৰ পিতৃ-মাতৃ আছিল অশিক্ষিত। অতি কম বয়সতে পৰিয়ালৰ দায়িত্ব মূৰ পাতি ল'বলগা হৈছিল জেক মাই। কিন্তু এটা নহয় দুটা নহয়, ৩০টাকৈ স্থানত কৰ্ম সংস্থাপনৰ বাবে আবেদন কৰিও জেক মাই এটা সংস্থাপন গতাই ল'ব পৰা নাছিল। ক'ৰবাত যদি তেওঁৰ শিক্ষাৰ বাবে বাচনি হোৱা নাছিল, আন ক'ৰবাত আকৌ তেওঁৰ ওচৰত বাহন নথকাৰ বাবে কৰা হোৱা নাছিল বাচনি।

জেক মাৰ পঢ়াৰ প্ৰতি আছিল অগাধ ধাউতি। যাৰ বাবে তেওঁ ১০ বাৰকৈ হাৱাৰ্ড বিজনেছ স্কুলত নাম ভৰ্তিৰ বাবে আবেদন কৰিছিল যদিও তাতো প্ৰতিবাৰে মুখ থেকেচা খাবলগা হয় তেওঁ। অৱশেষত জেক মাই নিজৰ বাবে বাচি ল'লে শিক্ষকৰ বৃত্তি। যিখন চীনত ইংৰাজী ভাষাক বিদেশী ভাষাৰূপে গণ্য কৰি অতি কম সংখ্যক লোকেহে সেই ভাষা শিকাৰ প্ৰতি আগ্ৰহ ৰাখে, তেনে এখন চীনতে জেক মা এখন বিদ্যালয়ত ইংৰাজী ভাষাৰ শিক্ষকৰূপে নিযুক্তি লাভ কৰে। কিন্তু ইংৰাজী শিক্ষক ৰূপে নিযুক্তি লাভ কৰিবলৈও জেক মাই কৰিবলগা হৈছিল অশেষ কষ্ট।

বন্ধুৰ সৈতে কিশোৰ জেক মা

জেক মাৰ শিক্ষাৰ প্ৰতি থকা ৰাপে তেওঁক ইংৰাজী শিকাত সহায় কৰিছিল। চীনত পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে পৰিচিত গোংগঝউলৈ তেওঁ প্ৰতিদিনে ৭০ কিলোমিটাৰ পথ চাইকেল চলাই গৈছিল ইংৰাজী শিকিবলৈ। গোংগঝউলৈ অহা ইংৰাজী ভাষা কোৱা পৰ্যটকসকলৰ গাইড হৈ জেক মাই শিকিছিল ইংৰাজী। যিয়ে পৰৱৰ্তী সময়ত তেওঁক এজন ইংৰাজী শিক্ষকৰূপে নিযুক্ত হোৱাত সহায় কৰিছিল।

এনে সংঘাতৰ মাজেৰেই জেক মাই তেওঁৰ ১৮ জন বন্ধুৰ সৈতে লগ লাগি ১৯৯৯ চনৰ ৪ এপ্ৰিলত হংঝউৰ এটা সৰু এপাৰ্টমেন্টত আৰম্ভ কৰে এক ই-কমাৰ্চ প্ৰতিষ্ঠান। ইয়াৰ বাবে জেক মাই বন্ধৰ পৰা ধাৰ লয় ৬০ ডলাৰ অৰ্থাৎ প্ৰায় ৪৩ লাখ টকা। জেক মা আৰু তেওঁৰ বন্ধু সকলৰ বিশ্বাস আছিল যে এই ইন্টাৰনেট বানিজ্য লাভদায়ক হ'ব। অৱশ্যে সেই সময়ত চীনত ইন্টাৰনেট ব্যৱহাৰকাৰীৰ সংখ্যা তেনেই সীমিত আছিল যদিও পৰৱৰ্তী ২০ বছৰত 'আলিবাবা'ই পূৰ্ণ গতিত আগুৱাই যাবলৈ সক্ষম হয় আৰু বিশ্বৰ চতুৰ্থ সৰ্ববৃহৎ ইন্টাৰনেট বানিজ্যৰূপে পৰিগণিত হয়।

এসময়ত দৰিদ্ৰতাৰ সৈতে যুঁজা জেক মাই 'আলিবাবা' স্থাপনৰ দুটা দশকৰ ভিতৰতে চীনৰ সবাতকৈ ধনী ব্যক্তি ৰূপে পৰিগণিত হয়। তেওঁৰ বিশাল কোম্পানীৰ বজাৰ মূল্য বৰ্তমান প্ৰায় ৪২০.৮ অৰব ডলাৰ অৰ্থাৎ প্ৰায় ৩০.২৮৪ অৰব টকা। ফ'ৰ্বছ আলোচনীৰ মতে চীনৰ সবাতকৈ ধনী ব্যক্তি জেক মাৰ সম্পত্তিৰ মূল্য হৈছে ৩৬.৬ বিলিয়ন ডলাৰ অৰ্থাৎ প্ৰায় ২৬৩৯ অৰব টকা।