আন্তঃৰাষ্ট্ৰীয়

আফগানিস্তানত বিমানেৰে আক্ৰমণঃ নিহত ৮০ সন্ত্ৰাসবাদী

asomiyapratidin

ডিজিটেল ডেস্কঃ আফগানিস্তানত নিৰাপত্তা বাহিনীয়ে দেওবাৰে কৰা এক আক্ৰমণত প্ৰায় ৮০ গৰাকী সন্ত্ৰাসবাদী নিহত হোৱাৰ খবৰ পোহৰলৈ আহে। জানিব পৰা মতে, দেশখনৰ নিৰাপত্তাৰক্ষীয়ে আফগানিস্তানৰ তালিবানৰ এটা সন্ত্ৰাসবাদীৰ ঘাটিক ধ্বংস কৰিবৰ বাবে এই আক্ৰমণ কৰে।

দেশখনৰ কান্দাহাৰৰ কান্দাহাৰৰ অৰঘনদাব জিলাত কৰা এই আক্ৰমণত তালিবানৰ মুখ্য কমাণ্ডাৰ ছৰহদী নিহত হোৱাৰ খবৰ আহে। দেশৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মতে, সন্ত্ৰাসবাদীয়ে আক্ৰমণাত্মক ষড়যন্ত্ৰ কৰি থকাৰ সময়তে নিৰাপত্তা বাহিনীয়ে বিমানেৰে সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণ কৰে। আক্ৰমণত তালিবানৰ দুখন টেংকৰ লগতে কেইবাখনো বাহন ধ্বংস হয়।