আন্তঃৰাষ্ট্ৰীয়

দোকানৰ পৰা পইচাৰ বেগ চুৰি কৰি নিলম্বিত হ’ল এয়াৰ ইণ্ডিয়াৰ কেপ্টেইন ৰোহিত ভসীন

asomiyapratidin

ডিজিটেল ডেস্কঃ বিমান বন্দৰ চৌহদৰ এখন দোকানৰ পৰা পইচাৰ বেগ চুৰি কৰি নিলম্বিত হ'বলগাত পৰিল এয়াৰ ইণ্ডিয়াৰ এগৰাকী আঞ্চলিক সঞ্চালক। এই ঘটনা সংঘটিত হৈছে চিডনী বিমান বন্দৰত। এয়াৰ ইণ্ডিয়াৰ এক সূত্ৰই সদৰি কৰা মতে, চিডনী বিমান বন্দৰত আঞ্চলিক সঞ্চালক ৰোহিত ভসীনে বিমান বন্দৰ চৌহদৰ এখন কৰ মুক্ত দোকানৰ পৰা পইচাৰ বেগ চুৰি কৰা সময়ত হাতে লোটে ধৰা পৰে।

তাৰ পিছতে এয়াৰ ইণ্ডিয়াৰ কৰ্তৃপক্ষই বিষয়াগৰাকীক তাৎক্ষণিকভাৱে নিলম্বন কৰাৰ উপৰিও অনুমতিবিহীনভাৱে বিমান বন্দৰ চৌহদত প্ৰৱেশ কৰাত নিষেধাজ্ঞা আৰোপ কৰে। তদুপৰি তেওঁৰ পৰিচয় পত্ৰও কৰ্তৃপক্ষৰ ওচৰত জমা দিবলৈ নিৰ্দেশ দিয়া হয়।

জানিব পৰা মতে, ৰোহিত ভসীনক এআই-৩০১ বিমানৰ এগৰাকী পাইলট হিচাপে নিয়োগ কৰা হৈছে। তেওঁৰ বিমানখনে ২২ জুনত স্থানীয় সময়ানুসৰি পুৱা ১০.৪৫ বজাত চিডনীৰ পৰা দিল্লী অভিমুখে ৰাওনা হোৱাৰ কথা আছিল। কিন্তু তাৰ পূৰ্বেই বিমান বন্দৰ চৌহদৰ এখন দোকানৰ পৰা পইচাৰ বেগ চুৰি কৰা অৱস্থাত বিষয়াগৰাকীক হাতে লোটে ধৰা পৰে।

আনহাতে এই ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে এয়াৰ ইণ্ডিয়া কৰ্তৃপক্ষই। ঘটনাৰ তদন্ত সম্পূৰ্ণ নোহোৱালৈকে ৰোহিত ভসীনক নিলম্বন কৰা হৈছে বুলি জনায় এয়াৰ ইণ্ডিয়াৰ এক সূত্ৰই।