আন্তঃৰাষ্ট্ৰীয়

মাৰ্কিন সেনাৰ বিমান ঘাটীত ইৰানৰ আক্ৰমণঃ ডোনাল্ড ট্ৰাম্পে ক’লে- ‘অল ইজ ৱেল! কাইলৈ দিম উত্তৰ…’

asomiyapratidin

ডিজিটেল জেস্কঃ যুদ্ধৰ উত্তাপ ক্ৰমাৎ বৃদ্ধি পাইছে ইৰান-আমেৰিকাৰ মাজত। মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ ভাবুকিৰ পিছতো মঙলবাৰে ইৰানে ইৰাকস্থিত আমেৰিকান সেনাৰ বিমান ঘাটীত কেইবাটাও মিছাইলেৰে আক্ৰমণ কৰে। এই আক্ৰমণত ইতিমধ্যে ৮০ জনতকৈও অধিক 'আমেৰিকান সন্ত্ৰাসবাদী' নিহত হোৱা বুলি দাবী কৰিছে ইৰানে। আমেৰিকান সৈন্যৰ ঠিকনাত ইৰানৰ এই আক্ৰমণৰ পিছত টুইটযোগে প্ৰতিক্ৰিয়া ব্যক্ত কৰি ডোনাল্ড ট্ৰাম্পে লিখিছে, 'অল ইজ ৱেল'।

উল্লেখ্য যে, ইৰাকস্থিত আমেৰিকাৰ দূতাবাসত ইৰানে চলোৱা আক্ৰমণৰ পিছতে ইৰানক মুকলি ভাবুকি প্ৰদান কৰিছিল ডোনাল্ড ট্ৰাম্পে। যদি ইৰানে পুনৰ আমেৰিকান নাগৰিক অথবা সম্পত্তিৰ ক্ষতিসাধন কৰে, তেন্তে অতি তৰিৎভাৱে আৰু কঠোৰভাৱে আমেৰিকাই চিনাক্ত কৰি থোৱা ইৰানৰ ৫২টা ঘাটীত আক্ৰমণ কৰিব বুলি সকিয়নী প্ৰদান কৰিছিল ট্ৰাম্পে। কিন্তু এই সকিয়নীৰ মাত্ৰ ৪ দিনৰ পিছতেই ইৰানে আমেৰিকান সেনাৰ বিমান ঘাটীত মিছাইল আক্ৰমণ চলায়।

ইৰানৰ এই আক্ৰমণৰ পিছত মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পে টুইটত লিখিছে, 'অল ইজ ৱেল! ইৰাকস্থিত দুটা সেনাৰ ঠিকনাত ইৰানে মিছাইল আক্ৰমণ চলাইছে। এই আক্ৰমণৰ পিছত হোৱা ক্ষতিৰ হিচাপ কৰি থকা হৈছে। এতিয়ালৈকে সকলো ঠিকেই আছে! আমাৰ ওচৰত বিশ্বৰ সকলোতকৈ শক্তিশালী আৰু সুসজ্জিত সৈন্য বাহিনী আছে। মই কাইলৈ পুৱা এই সন্দৰ্ভত মন্তব্য কৰিম।'

উল্লেখ্য যে, ইৰাকৰ বাগদাদ বিমান বন্দৰত মাৰ্কিন বায়ু সেনাই দ্ৰোণ আক্ৰমণ চলাই ইৰানী জেনেৰেল কাছিম চোলেমানীক হত্যা কৰাৰ পিছতে প্ৰতিশোধৰ অগনিত জ্বলিছে ইৰান। আমেৰিকাৰ সেই আক্ৰমণৰ পিছতে ইৰানে মছজিদত ৰঙা পতাকা উৰুৱাই আমেৰিকাৰ বিৰুদ্ধে যুদ্ধৰ ইংগিত দিছিল। ইফালে মঙলবাৰে আমেৰিকান সেনাৰ ঘাটীত চলোৱা মিছাইল আক্ৰমণৰ পিছতে এয়া আমেৰিকাৰ গালত শোধোৱা এক প্ৰচণ্ড চৰ বুলি মন্তব্য কৰে ইৰানৰ ছুপ্ৰিম লীডাৰ আয়োতল্লাহ আলী খামেনেইয়ে।