আন্তঃৰাষ্ট্ৰীয়

‘হাউডী মোডী’ কাৰ্যসূচীৰ পাছত পাক প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিব মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে…

asomiyapratidin

ডিজিটেল ডেস্কঃ দেওবাৰে ভাৰতীয় মুলৰ আমেৰিকান সকলৰ দ্বাৰা হিউছষ্টনত আয়োজিত হাউডী মোডী (কি খবৰ মোডী) শীৰ্ষক এক আকৰ্ষণীয় অনুষ্ঠানত একেলগে অংশ লৈ অৰ্থ লক্ষাধিক লোকক সম্বোধন কৰিব দুই ৰাষ্ট্ৰ প্ৰধান ক্ৰমে- ডনাল্ড ট্ৰাম্প আৰু নৰেন্দ্ৰ মোডীয়ে।

এই লৈ উদ্যোক্তাৰ লগতে প্ৰবাসী ভাৰতীয় আৰু ভাৰতীয় মুলৰ আমেৰিকানসকলৰ মাজত অন্তহীন উল্লাস আৰু ব্যাপক প্ৰস্তুতি চলিছে যদিও, এনে সময়তে হিউষ্টনত প্ৰকৃতিয়ে ধাৰণ কৰিছে তাণ্ডৱৰ ৰূপ। ইমেলডা নামৰ এক ধুমুহা আৰু প্ৰবল বৃষ্টিপাতে বহু প্ৰত্যাশীত দুই প্ৰভাৱশালী ৰাষ্ট্ৰ প্ৰধানৰ বাবে আয়োজিত অনুষ্ঠানৰ প্ৰস্তুতিত বাধাৰ সৃষ্টি কৰিছে যদিও, নিশাৰ ভিতৰতে বতৰ সুস্থিৰ হ'ব বুলিও বতৰ বিজ্ঞানীসকলে পূৰ্বানুমান আগবঢ়াইছে।

উল্লেখ্যযোগ্য যে, এই অনুষ্ঠানৰ পাছতেই ডনাল্ড ট্ৰাম্পৰ সৈতে হোৱা এই মহামিলনৰ জৰিয়তে দুয়োখন দেশৰ মাজৰ বন্ধুত্বৰ বান্ধোন অধিক সুদৃঢ় হ'ব বুলিও সকলোৱে আশা কৰিছে। টেক্সাছৰ এই অনুষ্ঠানৰ পাছতেই নিউয়ৰ্কত সোমবাৰে আন ২৪ ৰাষ্ট্ৰ প্ৰধানৰ সৈতে প্রধানমন্ত্ৰী মোডী আৰু ডনাল্ট ট্ৰাম্পৰ উপস্থিতিত অনুষ্ঠিত হ'ব ৰাষ্ট্ৰসংঘৰ এক গুৰুত্বপূৰ্ণ বৈঠক। আনহাতে, ৰাষ্ট্ৰসংঘৰ বৈঠকৰ পিছতেই পাকিস্তানৰ ৰাষ্ট্ৰপতি ইমৰান খানে সুকীয়াকৈ মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীক সাক্ষাৎ কৰাৰো কথা।