আন্তঃৰাষ্ট্ৰীয়

কাশ্মীৰ ভাৰতৰ অংশ আছিল, আছে আৰু থাকিবঃ শ্বাহিদ আফ্ৰিদীক প্ৰত্যুত্তৰ গৃহমন্ত্ৰীৰ, VIDEO

asomiyapratidin

ডিজিটেল ডেস্কঃ বুধবাৰে ইংলেণ্ডৰ হাউছ অৱ কমাৰ্চৰ এক অনুষ্ঠানত সংবাদ মাধ্যমৰ সন্মুখত পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰ শ্বাহিদ আফ্ৰিদীয়ে কাশ্মীৰৰ সন্দৰ্ভত কৰা মন্তব্যক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ভাৰতৰ গৃহমন্ত্ৰী ৰাজনাথ সিঙে। মন্ত্ৰী গৰাকীয়ে কয় যে- 'শ্বাহিদ আফ্ৰিদীয়ে কোৱা কথাষাৰ ঠিকেই। পাকিস্তানে নিজ দেশখনকে চম্ভালিব পৰা নাই, তেনেস্থলত কাশ্মীৰ কি চম্ভালিব? কাশ্মীৰ ভাৰতৰ অংশ পূৰ্বেও আছিল, বৰ্তমানো আছে আৰু ভৱিষ্যতলৈও থাকিব।'

উল্লেখ্য যে, পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে বুধবাৰে মন্তব্য কৰিছিল যে- 'পাকিস্তানক কাশ্মীৰৰ প্ৰয়োজন নাই। কাৰণে পাকিস্তানে নিজ দেশৰ চাৰিসীমাকেই ভালদৰে চম্ভালিব পৰা নাই।' ইফালে, বৃহস্পতিবাৰে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে তেওঁৰ মন্তব্যটোক সংবাদমাধ্যমত ভুলকৈ উপস্থাপন কৰা হোৱা বুলিও অভিযোগ উত্থাপন কৰি এই সন্দৰ্ভত টুইটাৰযোগে ভাৰতীয় সংবাদমাধ্যমক কটাক্ষ কৰে।