আন্তঃৰাষ্ট্ৰীয়

ভয়ংকৰ বিস্ফোৰণত নিহত ৬৩, আহত ১৮২

asomiyapratidin

ডিজিটেল ডেস্কঃ এক আত্মঘাটি বোমা বিস্ফোৰণৰ ফলত কাবুলত শনিবাৰে নিশা ৬৩ গৰাকী লোক নিহত হোৱাৰ লগতে আহত হৈছে প্ৰায় ১৮২ জন লোক। নিশা প্ৰায় ১০.৪০ বজাত এই বিস্ফোৰণ সংঘটিত হৈছিল। আহতসকলৰ অধিকাংশই শিশু আৰু মহিলা বুলি জানিব পৰা গৈছে।

ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশিত খবৰ অনুসৰি এক বিবাহ অনুষ্ঠানত এই বিস্ফোৰণ সংঘটিত হৈছিল। কোনে এই বিস্ফোৰণ সংঘটিত কৰিলে সেই সম্পৰ্কে বৰ্তমানলৈকে কোনো তথ্য লাভ কৰা হোৱা নাই। উল্লেখ্য যে, বিস্ফোৰণৰ পিছতে তেজেৰে লুতুৰি পুতুৰি কেইবাজনো লোকক উদ্ধাৰ কৰি হাস্পতালত ভৰ্তি কৰা হৈছে।

বিস্ফোৰণৰ পিছতে প্ৰায় ২০ মিনিট সময় ধোঁৱাৰে আগুৰি ধৰিছিল বিবাহ অনুষ্ঠিত হোৱা হোটেলখনত। কেইবাঘন্টা সময়ৰ প্ৰয়োজন হয় নিহতসকলৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ।