আন্তঃৰাষ্ট্ৰীয়

সন্ত্ৰাসবাদীৰ লক্ষ্য আৰক্ষী বিষয়াৰ অন্ত্যেষ্টিক্ৰিয়াঃ বোমা বিস্ফোৰণ ঘটাই প্ৰাণ কাঢ়িলে ২৪জনৰ…

asomiyapratidin

ডিজিটেল ডেস্কঃ আফগানিস্তানত সংঘটিত ভয়ংকৰ বিস্ফোৰণত প্ৰাণ হেৰুৱাইছে অতি কমেও ২৪ জন লোকে। ইফালে ১০ জনৰো অধিক লোক আহত হৈছে। আইএছআইএলে (আইএছআইএছ) এই বিস্ফোৰণ সংঘটিত কৰা বুলি জানিব পৰা গৈছে। মৃতকৰ অন্যেষ্টিক্ৰিয়াৰ মাজতে সংঘটিত হয় এই বিস্ফোৰণ। নানগাৰহাৰ প্ৰদেশৰ ৰাজ্যপালগৰাকীৰ মুখপাত্ৰই সদৰি কৰা অনুসৰি খুজ কুনাৰ জিলাত এক অন্ত্যেষ্টিক্ৰিয়াৰ মাজতে এই ঘটনা সংঘটিত হৈছে।

জিলাখনৰ আৰক্ষীৰ কমাণ্ডাৰ শ্বেইখ আক্ৰামৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হোৱাৰ পাছত অন্ত্যেষ্টিক্ৰিয়াৰ সময়তে এই কৰুণ ঘটনা সংঘটিত হৈছিল। বিস্ফোৰণস্থলীত ৰাজনৈতিক নেতা, প্ৰদেশখনৰ পৰিষদীয় সদস্যৰ লগতে আন বহু লোক। বিস্ফোৰণ সংঘটিত হোৱাৰ পাছতে মঙলবাৰে নিশাৰ ভাগত আইএছআইএলে দায়িত্ব স্বীকাৰ কৰিছিল।

ইফালে একেসময়তে আফগানিস্তানত একাংশ দুস্কৃতিকাৰীয়ে এখন হাস্পতালত আক্ৰমণ কৰাৰ বাবে মঙলবাৰে ১৬ জন লোকে প্ৰাণ হেৰুৱায়। এই সকল নিহতৰ ভিতৰত আছে নতুনকৈ জন্ম হোৱা শিশু আৰু কেবাগৰাকী মাতৃও। অৱশ্যে এই আক্ৰমণ আইএছআইএলে সংঘটিত কৰা বুলি সন্দেহ কৰিলেও বৰ্তমানলৈকে দায়িত্ব স্বীকাৰ কৰা নাই।

কাবুলত সোমবাৰে পথৰ কাষতে ৪ টা বোমা বিস্ফোৰণ হোৱাৰ পাছদিনাই এই ঘটনা সংঘটিত হয়। ইফালে মাৰ্চতো কাবুলত বন্দুকধাৰীয়ে এটা শীখ ধৰ্মৰ মন্দিৰত আক্ৰমণ কৰি ২৫ জন লোকৰ প্ৰাণ কাঢ়িছিল। এই ঘটনাৰ দায়িত্ব স্বীকাৰ কৰিছিল সন্ত্ৰাসবাদী সংগঠনটোৱে।