আন্তঃৰাষ্ট্ৰীয়

সেনাৰ শিবিৰত তালিবানৰ আক্ৰমণ, নিহত ৬৫, আহত ৭০ৰো অধিক…

asomiyapratidin

ডিজিটেল ডেস্কঃ সোমবাৰে পূব আফগানিস্তানত সেনাৰ এটা শিবিৰত তালিবানৰ আক্ৰমণত প্ৰাণ হেৰুৱাই ৬৫জন লোকে। ইয়াৰোপৰি আহত হয় কেবাজনো লোক। উল্লেখ্য যে, শনিবাৰে আৰম্ভ হৈছিল এই সংঘৰ্ষ। তাৰপাছত দেওবাৰে সেনা বিষয়াই সংঘৰ্ষৰ বিষয়ে জনায়। তালিবানৰ প্ৰবক্তা জবীহুল্লাহ মুজাহিদে এই সংঘৰ্ষ দায়িত্ব স্বীকাৰ কৰে।

মৈদাম বৰ্দক প্ৰান্ত পৰিষদৰ সদস্য খবানীন ছুলতানে 'এপি'ক জনোৱা মতে, এই আক্ৰমণত ৭০জনতকৈও অধিক লোক আহত হোৱাৰ লগতে প্ৰায় ৬৫জন লোকৰ মৃত্যু হয়।

তদুপৰি মৃত্যু হোৱা সকলৰ ভিতৰত অধিকাংশই সৈনিক। ইফালে আহত সকলৰ ভিতৰতো আছে বহু জোৱান। আৰু অধিক সংকটজনক অৱস্থাত আহতসকলক ভৰ্তি কৰোৱা হাস্পতালত।