আন্তঃৰাষ্ট্ৰীয়

কানাডাত এ.আৰ. ৰহমান নামেৰে নামাকৰণ হ’ল এটা পথ…

asomiyapratidin

ডিজিটেল ডেস্ক : কানাডাত এ.আৰ. ৰহমানৰ নামত হ'ব পথ। কানাডাৰ মাৰ্খাম চহৰৰ এটা পথৰ নাম জনপ্ৰিয় সংগীতজ্ঞ এ.আৰ. ৰহমান নামেৰে নামকৰণ কৰা হয়। ২৯ আগষ্টত এ. আৰ. ৰহমানে টুইটাৰত পোষ্ট কৰি কানাডাৰ অণ্টাৰিঅ'ত মাৰ্খামৰ কৰ্তৃপক্ষৰ প্ৰতি কৃতজ্ঞতাৰ জ্ঞাপন কৰে।

এ.আৰ.ৰহমান বৰ্তমান কানাডাত আছে তেওঁৰ সংগীতৰ কামৰ বাবে। জানিব পৰা মতে, মাৰ্খাম চহৰে ২০১৩ চনৰ নৱেম্বৰত ঘোষণা কৰিছিল যে ভাৰতৰ সংগীতজ্ঞ এ আৰ ৰহমানৰ নামত এটা পথৰ নামাকৰণ কৰা হ'ব। আৰু ২০২২ চনৰ আগষ্টৰ ২৯ তাৰিখে মাইক্ৰ ব্লগিং চাইটৰ উদ্বোধনী অনুষ্ঠানৰ অনুষ্ঠিত কৰে। এই ফটো এ.আৰ. ৰহমানে টুইটাৰযোগে শ্বেয়াৰ কৰে।

এই সন্মানৰ বাবে তেখেতে টুইট কৰি মনৰ ভাৱ প্ৰকাশ কৰি কয় যে – এনেবোৰ মৰমে তেখেতক অধিক দায়িত্বসহকাৰে কাম কৰিবলৈ আৰু অনুপ্ৰেৰণাদায়ক হ'বলৈ উৎসাহ দিয়ে। তেওঁ এতিয়াও ভাগৰি পৰা নাই আৰু যদি তেওঁ ভাগৰি পৰে তেন্তে কৰিবলগীয়া বহু কাম বাদ পৰি যাব। নিজকে আগুৱাই লৈ যাবলৈ আৰু বহু বাট আছে বুলিও তেওঁ টুইটত লিখে।