আন্তঃৰাষ্ট্ৰীয়

পুনৰ বিমান দুৰ্ঘটনাঃ এইবাৰ প্ৰাণ হেৰুৱালে ৯ জনে…

asomiyapratidin

ডিজিটেল ডেস্কঃ পুনৰ এক শোকাবহ বিমান দুৰ্ঘটনা সংঘটিত হৈছে। পুনৰ ৯ জনকৈ লোক বিমান দুৰ্ঘটনাত মৃত্যু হৈছে। ভাৰতৰ চি ডি এছ জেনেৰেল বিপিন ৰাৱাট আৰু তেওঁৰ পত্নীৰ সৈতে মুঠ ১৪ জন ব্যক্তি বিগত সপ্তাহত তামিল নাডুৰ কুন্নুৰত সংঘটিত বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুৱাবলগীয়া হৈছিল। এই ঘটনাই সমগ্ৰ বিশ্বত চাঞ্চল্য সৃষ্টি কৰিছিল। সেই বিমান দুৰ্ঘটনাৰ এটা সপ্তাহ পিছতেই পুনৰ এক বিমান দুৰ্ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

বুধবাৰে ডমিনিকান গণৰাজ্যৰ ৰাজধানী চেণ্টো ডমিঙ্গোত এখন ব্যক্তিগত বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছে। এই দুৰ্ঘটনাটোত ৭ জন যাত্ৰী আৰু বিমানখনৰ ২ জন কৰ্মচাৰীসহ মুঠ ৯ জন লোক নিহত হৈছিল। মৃতসকলৰ ভিতৰত ৬ জন আছিল বিদেশী নাগৰিক আৰু এজন ডমিনিকান নাগৰিক আছিল। জানিব পৰা মতে লাছ আমেৰিকা বিমানবন্দৰত বিমানখন জৰুৰী অৱতৰণৰ সময়তেই এই দুৰ্ঘটনাটো সংঘটিত হৈছিল।